Begin typing your search above and press return to search.

গোলাঘাট সুৰা ট্ৰেজেদি ঘটনাৰ গোচৰত অভিযুক্ত ৪১ জনলৈ আদেশ জাৰি

গোলাঘাট সুৰা ট্ৰেজেদি ঘটনাৰ গোচৰত অভিযুক্ত ৪১ জনলৈ আদেশ জাৰি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Jun 2019 7:44 AM GMT

গোলাঘাট চি জে এম কোৰ্টৰে গোলাঘাটৰ সুৰা ট্ৰেজেদি ঘটনাৰ গোচৰত অভিযুক্ত ৪১ জনক ২০১৯ চনৰ ১১ জুনৰ পূৰ্বে হাজিৰ হবলৈ নিৰ্দেশ দিয়ে ।গোলাঘাট বাৰ এচচিয়েছনৰ সদস্য ঋতুপল্লব শইকীয়ায়ে প্ৰকাশ কৰে যে এই ঘটনাৰ লগত জড়িত ৪১ জন অভিযুক্তৰ বিৰুদ্ধে শ্বাৰ্টচিটৰ দাখিল কৰিছে । চলিব বৰ্ষৰ ফেব্ৰুৱাৰীত সুৰা ট্ৰেজেদি সংঘটিত হৈছিল এই ঘটনাত গোলাঘাটৰ লগতে যোৰহাট জিলাৰ কিছু অংশত ১৫০ ৰো অধিক লোক নিহত হৈছিল ।

গোলাঘাট আৰক্ষীয়ে বিশেষ অনুসন্ধান টিম (special Investigation team) গঠন কৰি দিছিল চিজেএম কোৰ্টত শ্বাৰ্টচিটৰ দাখিল কৰিবলৈ ।

৪১ জন অভিযুক্তৰ বিৰুদ্ধে প্ৰায় ১,০০০ পৃষ্ঠাজোৰা শ্বাৰ্টচিটৰ দাখিল কৰে। গোলাঘাট আৰক্ষী থানাত ভাৰতীয় পেনেল কোৰ্টৰ 120B/328/304 চেকচনৰ অধিনত (223/19) গোচৰ ৰুজু কৰা হৈছিল ।

এই ঘটনা জিলা আৰক্ষীৰ চুপাৰটেন্দেত পাৰ্থ প্ৰতিম শইকীয়াৰ নেতৃত্বত অনুসন্ধান কৰা হৈছে । অনুসন্ধানত ৬৫ প্ৰত্যক্ষদৰ্শীৰ লগতে ভূক্তভুগিৰো ভাষ্য ৰেকৰ্ড কৰা হয় ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি