Begin typing your search above and press return to search.

আচৰিত:গুগলত ভিখাৰী চাৰ্চ কৰিলে ওলাই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ফটো

আচৰিত:গুগলত ভিখাৰী চাৰ্চ কৰিলে ওলাই পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ফটো

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Aug 2019 11:13 AM GMT

আপুনি যদি সম্প্ৰতি Googleত ভিখাৰী শব্দটো চাৰ্চ কৰে তেন্তে দেখিবলৈ পাব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো ৷ সদ্যহতে এই প্ৰসংগই যথেষ্ঠ চৰ্চা লাভ কৰিছে ৷ ইফালে গুগলত ভিখাৰী ৰূপত দেখা পোৱা ইমৰাণ খানৰ হাতত এটা পাত্ৰ লৈ দেখা পোৱা গৈছে ৷ফ’টো দেখিলে আপোনাৰ এনে লাগিব ইমৰাণ খানে পথত বহি ভিক্ষা কৰি আছে ৷ অৱশ্য এই ফটো খন হৈছে এডিট কৰা ৷

আনহাতে বৰ্তমান তীব্ৰ বিত্তীয় সংকটৰ সৈতে যুঁজি আছে পাকিস্তান। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ইমৰাণ খানে ঋণ লোৱাৰ কাৰণে কেইবাখনো দেশ ভ্ৰমণ কৰিছে বুলি তথ্য পোৱা গৈছে।আৰু তাৰ পৰিণতিত সম্প্ৰতি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ এই দুৰ্দশা ৷ উল্লেখ্য যে ছ’চিয়েল মিডিয়াত পাকিস্তান আৰু ইমৰাণ খানৰ ভিখাৰী ফ’টো ওলোৱাৰ ঘটনাক বিভিন্ন জনে বহু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

সম্প্ৰতি ছ’চিযেল মিডিয়াত ইমাৰাণ খানৰ ভিখাৰীৰ ৰূপত দেখুওৱা এই ফটো ভাইৰেল হৈছে ৷ উল্লেখ্য যে এনেধৰণৰ ঘটনা নতুন নহয় ৷কাৰণ গুগল ইমেজ চাৰ্চত যদি আপুনি, ইডিয়ত বুলি চাৰ্চ কৰে তেন্তে আপুনি দেখিবলৈ পাব ড’নাল্ড টাম্পৰ ফ’টো । লগতে এই চাইটত ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে কেইবাটাও লিখনি পোৱা গৈছে ।

ইফালে গুগল ছাৰ্চ ইঞ্জিনক এনেদৰে বনোৱা হৈছে যেতিয়া কোনো শব্দ টাইপ কৰি বাৰে বিচৰা হয় ৷ তেতিয়া ছাৰ্চ ইঞ্জিনে সেই কী ৱৰ্ডটো জনপ্ৰিয় শ্ৰেণীত অন্তভুক্ত কৰে । যি কি নহওঁক সম্প্ৰতি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ এই দুৰ্দশাই সকলোৰে মাজত যথেষ্ট চৰ্চা লাভ কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক কাইলৈ ভাৰতক উভতাই দিব-ইমৰান খান

ভিডিঅ প্ৰতক্ষ্য কৰক:CM inaugurates Assam’s first CNG station in Dibrugarh

Next Story
চাকৰি