Begin typing your search above and press return to search.

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি লতাশিল খেল পথাৰত আয়োজন গছ বিহু

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি লতাশিল খেল পথাৰত আয়োজন গছ বিহু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jun 2019 12:57 PM GMT

আজি ৰাজ্য জুৰি পালন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস ৷ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি লতাশিল খেল পথাৰত উদযাপন কৰা হৈছে গছ বিহু। ইফালে, আজি বিশ্ব পৰিবেশৰ লগত সংগতি ৰাখি "আমাৰ বনানী"ৰ উদ্যোগত লতাশিল খেলপথাৰত বিশ্ব পৰিবেশ দিৱস পালন কৰা হৈছে।

সাম্প্ৰতিক সময়ত বাঢ়ি অহা প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ কাৰণে গছ গছনিৰ উপকাৰিতাৰ সন্দৰ্ভে সকলোৰে আগত প্ৰকাশ কৰে বিশ্ব পৰিবেশ দিৱস আয়োজন কৰা উদ্যোক্তাসকলে ৷

লগতে তেওঁলোকে প্ৰকাশ কৰে যে গছ থাকিলেহে মানুহ থাকিব আৰু মানুহ থাকিলেহে বিহু থাকিব ৷ আৰু এই উদ্দেশ্যৰে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয় বুলি প্ৰকাশ কৰে উদ্যোক্তা সকলে ৷ এই অনুষ্ঠানত আমাৰ বনানীৰ সঞ্চালক বকুল গগৈয়ে কয় যে পৃথিৱীৰ অৱস্থা অত্যন্ত শোচনীয় । সম্প্ৰতি, যি ধৰণৰ বতৰ পৰিৱৰ্তন হৈছে এনেধৰণে থাকিলে যে অনাগত বছৰ সমূহত মানুহ ভালকৈ জীয়াই থাকিব পাৰিব সেয়া চিন্তনীয় ৷ ইফালে গছ বিহু সন্দৰ্ভত মন্তব্য কৰি সকলোকে গছ গছনি সংৰক্ষণ কৰিবলৈ আহ্বান কৰে বকুল গগৈয়ে ৷

লগতে গছ গছনিৰ জৰিয়তে সকলোকে পৃথিৱীখন জীপাল কৰি তুলিবলৈ আহ্বান কৰে আমাৰ বনানীৰ সঞ্চালক গৰাকীয়ে ৷ উল্লেখ্য যে এই অনুষ্ঠানত কামৰূপৰ এ ডি চি গুণজিত কাশ্যপ, আৰ্লি বাৰ্ডছ ব্যক্তিগত সংস্থাৰ সভানেত্ৰী মনোৰমা দাস, ঢোল বিশেষজ্ঞ পংকজ বৰাৰ লগতে অন্যান্য ব্যক্তি সকল উপস্থিত থাকে।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি