Begin typing your search above and press return to search.

এটি বিশেষ কাৰ্যালয়:পৰিধান কৰিব লাগে হেলমেট:কিন্তু কিয়?

এটি বিশেষ কাৰ্যালয়:পৰিধান কৰিব লাগে হেলমেট:কিন্তু কিয়?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2019 9:45 AM GMT

এটা বিশেষ কাৰ্যালয় ৷ কাৰ্যালয়টোত কৰ্মচাৰীয়ে পৰিধান কৰে হেলমেট ৷ হয় আপুনি ঠিকেই শুনিছে ৷ আপুনি নিশ্চয় কাৰ্যালয়ত কৰ্মচাৰীয়ে কাম কৰা শুনিছে কিন্তু হেলমেট পিন্ধি কাম কৰা আজি প্ৰথম বাৰৰ কাৰণে শুনিছে ৷ কথাটো শুনি আছৰিত যেন লাগিলেও এইয়া সছাঁ কথা ৷উত্তৰ প্ৰদেশৰ বান্দ্ৰাস্থিত বিদ্যুত বিভাগৰ এটা কাৰ্যালয়ত কৰ্মচাৰীসকলে হেলমেট পিন্ধি কাম কৰা দেখিবলৈ পোৱা গৈছে ৷

এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি বিদ্যুত বিভাগৰ কাৰ্যালয়টোত সততে ওপৰৰ পৰা প্লাষ্টাৰ খহি থাকে ।বিগত দুটা বছৰে ইয়াৰ পৰিমাণ ইমানেই বেছি হ’ল যে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে হেলমেট পৰিধান কৰি কাৰ্যালয়লৈ আহে। যাতে ওপৰৰ পৰা কোনো প্লাষ্টাৰ খহি দুৰ্ঘটনা সংঘটিত নহয় ৷ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি কাৰ্যালয়ত কাম কৰা কৰ্মচাৰীসকলে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰিছে যদিও তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ৷ কিন্তু সম্প্ৰতি এই খবৰ সকলোতে বিয়পি পৰাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই এই সন্দৰ্ভত যাৱতীয় কাম আৰম্ভ কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক:বয়সে হাৰ নমনা এগৰাকী আইতা: পৰিৱৰ্তন কৰিলে গাঁৱৰ ছবি

ভিডিঅ প্ৰতক্ষ্য কৰক:Assam Cricket Association congratulates Dasarath Kumar for being selected in India-Red Team

Next Story
চাকৰি