মৎস্য পালন বৃদ্ধি কৰাত ব্যৰ্থ চৰকাৰ : অসম অনুসূচিত ছাত্ৰ সন্থা

মৎস্য পালন বৃদ্ধি কৰাত ব্যৰ্থ চৰকাৰ : অসম অনুসূচিত ছাত্ৰ সন্থা

অসম অনুসূচিত ছাত্ৰ সন্থায়ে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰে মৎস্য পালন বৃদ্ধি কৰাত ব্যৰ্থ হৈছে । লগতে পুখুৰী সমূহ বন্ধক দিয়া বন্ধ কৰিবলৈ দাবী অসম অনুসূচিত ছাত্ৰ সন্থাৰ।

বৃহস্পতি বাৰে এই সংবাদমেল সম্বোধন কৰি , ছাত্ৰ সংগঠনটোৰ সম্পাদক নৃপেন দাস আৰু সাধাৰণ সভাপতি নৃত্যনন্দ দাসে অভিযোগ উত্থাপন কৰিছে যে, মৎস্য পালনত চৰকাৰ ব্যৰ্থ হৈছে চৰকাৰ । সেইবাবে মৎস্য উৎপাদন হ্ৰাস হৈছে ।

" চৰকাৰে কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাই । তাৰ বাবেই অসমৰ থলুৱা লোকসকলৰ মৎস্য উৎপাদন যথেষ্ট হ্ৰাস পাইছে বুলি নৃপেন দাসে প্ৰকাশ কৰে। অসমত ২২০০ জলাশয় আৰু পুখুৰী আছে । তাৰে অধিকাংশ চৰকাৰে বন্ধকত দিছে । কিছুমান জলাশয় অবৈধ ভাৱে দখল কৰি থৈছে । অবৈধ ভাৱে দখল কৰি থকা পুখুৰী সমূহ মুকলি কৰি দিবলৈও দাবী জনাইছে । বন্ধকত দিয়া জলাশয় সমূহো মুকলি কৰি দিবলৈ দাবী জনাইছে ।

মাছ ধৰা কাৰ্যসূচী ১ এপ্ৰিলত স্থগিত ৰাখি ১৫ জুলাইলৈত অনুষ্ঠিত হব বুলি প্ৰকাশ কৰিছে । মাছমৰীয়া সকলে সেইবাবে অতি কষ্টেৰে জীৱন অতিবাহিত কৰিব লগা হৈছে । মাছ ব্যবসায়ৰ নামত যি চিণ্ডিকেট চলি আছে সেয়া বন্ধ কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠনটোয়ে ।

অসম অনুসূচিত ছাত্ৰ সন্থায়ে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰে মৎস্য পালন বৃদ্ধি কৰাত ব্যৰ্থ হৈছে ।তাৰে অধিকাংশ চৰকাৰে বন্ধকত দিছে ।সেইবাবে মৎস্য উৎপাদন হ্ৰাস হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com