Begin typing your search above and press return to search.

দুৰ্নীতি,যৌন উৎপীড়ন আদিৰ লগত জৰিত থকা উচ্চ পদস্থ বিষয়াসকলৰ ক্ষেত্ৰত সস্ত্ৰম চৰকাৰ

দুৰ্নীতি,যৌন উৎপীড়ন আদিৰ লগত জৰিত থকা উচ্চ পদস্থ বিষয়াসকলৰ ক্ষেত্ৰত সস্ত্ৰম চৰকাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2019 7:27 AM GMT

দুৰ্নীতি,যৌন উৎপীড়ন আদিৰ লগত জৰিত থকা বিষয়াসকলৰ ক্ষেত্ৰত সস্ত্ৰম হৈছে চৰকাৰ ৷ কাৰণ এইসমূহ কু-কৰ্মৰ লগত জৰিত ১২ জন জেষ্ঠ্য কৰ বিষয়াক বাধ্যতামূলক ভাবে কামৰ পৰা অব্যাহতি দিয়া হৈছে ৷ কেন্দ্ৰীয় প্ৰশাসনিক সেৱাৰ আধাৰত মুখ্য আয়ুক্ত,আয়কৰ বিভাগৰ ১২ জন বিষয়াৰ ক্ষেত্ৰত সস্ত্ৰম হৈছে চৰকাৰ ৷

আই টিৰ সংযুক্ত আয়ুক্ত আশোক অগ্ৰৱাল, এচ কে শ্ৰী বাস্তৱ ,আয়ুক্ত হোমী ৰাজবংশী,এ বি বা ৰাজেন্দ্ৰ প্ৰসাদ,অজয় কুমাৰ সিং,এ বি অৰুলাপ্পা,আলোক কুমাৰ মিত্ৰা,চন্দৰ সেনী ভাৰতী, অন্ডাসু ৰবিন্দৰ,স্বেতাভ চুমন,ৰাম কুমাৰ ভাৰ্গৱ আৰু বিবেক বট্ৰাৰ ক্ষেত্ৰত সস্ত্ৰম চৰকাৰ । অন্যহাতে দ্বিতীয় বাৰৰ কাৰণে শাসনলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ এই জেষ্ঠ্য বিষয়াসকলৰ ক্ষেত্ৰত এই পদক্ষেপ যথেষ্ট গুৰুত্ব পূৰ্ণ হিছাপে বিবেচিত হৈছে ৷

ইফালে এই সকল বিষয়াৰ ভিতৰত আই টিৰ সংযুক্ত আয়ুক্ত আশোক আগৰৱাল ১৯৯৯ চনৰ পৰা ২০১৪ চনলৈকে নিলম্বিত আছিল । তেওঁ ভগৱান চন্দ্ৰস্বামীক সহায় কৰাৰ অভিযোগত অভিযুক্ত। আগৰৱালৰ বিৰুদ্ধে ১২ কোটি টকাৰ টকাৰ দুৰ্নীতি গ্ৰস্ত সম্পদ অৰ্জন কৰি চিবিআইৰ তদন্তৰ সন্মুখীন হৈছিল ৷ হোমী ৰজবংশীৰ ওচৰত এটা সময়ত আছিল ৩.১৭ কোটি টকাৰ অবৈধ সম্পত্তি ৷

বিত্ত মন্ত্ৰ্যালয়ৰ সূত্ৰ অনুসৰি হোমী ৰাজবংশীক তেওঁৰ কাৰ্যালয়ৰ পৰা পলাই যাবলৈ লওঁতেই চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল। এচ কে শ্ৰী বাস্তৱৰ বিৰুদ্ধে আই আৰ এচৰ দুগৰাকী মহিলাই যৌন উৎপীড়ণৰ অভিযোগ উত্থাপন কৰিছিল। উল্লেখ্য যে এই অধিকাৰীসকলৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি