Begin typing your search above and press return to search.

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত শোচনীয় হাৰ

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত শোচনীয় হাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Aug 2019 6:31 AM GMT

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত শোচনীয় হাৰ । অসমৰ চৰকাৰী বিদ্যালয়ৰ অৱস্থা সম্প্ৰতি সন্তোষজনক নহয়। ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ বিগত চাৰি বৰ্ষত নামভৰ্তিৰ সংখ্যাত এক ব্যাপক পৰিৱৰ্তন দেখা গৈছে ।ইফালে ইয়াৰ মাজতে ৰাজ্যৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিকৰণত প্ৰায় ১২-২০ শতাংশ বৃদ্ধি হৈ নামভৰ্তিকৰণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা পাঁচ লাখলৈ বৃদ্ধি পাইছে।

ইউডিআইএচইয়ে এই তথ্য প্ৰকাশ কৰিছে মানৱ সংশোধন বিকাশ মন্ত্ৰ্যালয়ক ৷ইউডিআইএচয়ে প্ৰত্যেক বছৰে বিদ্যালয়সমূহক নিৰীক্ষণ কৰে আৰু ইয়াৰ প্ৰতিবেদন মানৱ সংশোধন বিকাশ মন্ত্ৰ্যালয়ক প্ৰদান কৰে। প্ৰতিবেদন অনুসৰি ২০১৪-১৫ চনত অসমৰ ব্যক্তিগত বিদ্যালয়ত নামভৰ্তিকৰণ কৰা ছাত্ৰৰ সংখ্যা আছিল ৬.৯১.১৩৭ জন ৷

আনহাতে চৰকাৰী বিদ্যালয়ত নামভৰ্তি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে নামভৰ্তিকৰণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে ৫৪.৬৬.৬২৭ জন। আনহাতে ২০১৫-১৬ বৰ্ষত চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কৰণৰ সংখ্যা আছিল ৫০.৮৯,১০১ জন আৰু ব্যক্তিগত বিদ্যালয়ত ইয়াৰ সংখ্যা আছিল ৮.৭৬,১৭৯ ৷ ২০১৬-১৭ বৰ্ষত চৰকাৰী বিদ্যালয়ত ৫১,১২,৩৬৮ হোৱাৰ বিপৰীতে ব্যক্তিগত বিদ্যালয়ত ইয়াৰ সংখ্যা হয় ৯,৭৫,৫৯৬ জন।

২০১৭-১৮ বৰ্ষতো চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হয় ৪৭,৪৪,২১৭ আৰু ব্যক্তিগত বিদ্যালয়ত হয় ১১,৪১,৭৭৬ জন। অসমত চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ সীমিত নামভৰ্তিকৰণৰ ক্ষেত্ৰত বহু কাৰণ আছে। চলিত বৰ্ষত ১৫ জুলাইত অনুষ্ঠিত এখন বৈঠকত প্ৰতিপন্ন হৈছে যে ২২ শতাংশ প্ৰাইমেৰী বিদ্যালয়ত তিনিটা বিষয়ৰ শিক্ষকৰ অভাৱ ৷৬০ শতাংশ মাধ্যমিক বিদ্যালয়ত চাৰিজনকৈ বিষয় শিক্ষকৰ অভাৱ দেখা গৈছে। এতিয়াও বহু বিদ্যালয়ত বিষয় শিক্ষকৰ অভাৱ দেখা গৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক: চৰকাৰী বিদ্যালয়ত ব্যয় কৰা ধনৰ পৰিমাণে চেৰ পেলালে ব্যক্তিগত বিদ্যালয়ক

ভিডিঅ প্ৰতক্ষ্য কৰক:Government takes step for Assamese film and cinema halls’ improvement | The Sentinel News | Assam N

Next Story
চাকৰি