গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা পিছুৱালে

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা পিছুৱালে
Published on

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা পিছুৱালে।১০ ডিচেম্বৰ,মঙ্গলবাৰে পূৰ্বনিৰ্ধাৰিত ভাবে অনুষ্ঠিত হবলগীয়া পৰীক্ষাৰ কায্যসূচী পিছুৱাইছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিয়া এক জাননী অনুসৰি এম এ,এম এ চি,এম বি এ,এল এল এম,এম টেক,বি এ ,বি এছ চি,বি কম ,বি ই, বি টেক,এল এল বি ,বি এ এল এল বিৰ পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে।পৰীক্ষাৰ আগন্তক দিন ঠিক কৰা হোৱা নাই যদিও পিছত জাননী অনুসৰি নিৰ্দিষ্ট তাৰিখ সম্পৰ্কত অৱগত কৰা হব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনায়।উল্লেখযোগ্য যে ১০ ডিচেম্বৰত নেছো যে দিয়া বন্ধৰ বাবে এনে অনাকাংক্ষিত পৰিস্থিতি ৰ উদ্ভৱ নহবৰ বাবে এনে ব্যৱস্থা লোৱা হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com