ক’ৰ’না মহামাৰী: পুনৰ সংক্ৰমণ মণ্ডল হিচাপে ঘোষণা স্পেনিছ গাৰ্ডেনক

ক’ৰ’না মহামাৰী: পুনৰ সংক্ৰমণ মণ্ডল হিচাপে ঘোষণা স্পেনিছ গাৰ্ডেনক
সমগ্ৰ বিশ্বজুৰি ক’ৰ’না ভাইৰাছে ভয়ংকৰ ত্ৰাসৰ সৃষ্টি কৰিছে। অসমতো ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা ৩৪ জন ।ইয়াৰে ৩২ জন লোকৰ দিল্লীৰ নিজামুদ্দিন মাৰকাজত যোৱা মাহত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানৰ সৈতে সম্পৰ্ক আছে। আন এজন লোক গুৱাহাটী জুৰোড অৱস্থিত স্পেনিছ গাৰ্ডেনৰ নিবাসী। এই লোকজনৰ নাম মনীষ টিব্ৰেৱাল । তেওঁ পেছাত এগৰাকী ব্যৱসায়ী । দিল্লীৰ পৰা অহাৰ পিছত মানুহজনৰ তেওঁৰ শৰীৰত ধৰা পৰে ক’ৰ’নাৰ অৱস্থিত । টিব্ৰেৱালৰ দেহত ক’ৰ’নাৰ অৱস্থিত ধৰা পৰাৰ পিছতে তেওঁক কোৱাৰেন্টাইনত ৰখাৰ লগতে ছীল কৰা হৈছিল স্পেনিছ গাৰ্ডেন । প্ৰথম অৱস্থাত ১৪ দিনৰ বাবে ছীল কৰা হৈছিল স্পেনিছ গাৰ্ডেন ।
উল্লেখ্য যে ১৯ এপ্ৰিলৰ পৰা পুনৰ Containment zone হিচাপে ঘোষণা কৰে স্পেনিছ গাৰ্ডেন৷ এই ১৪ দিনত আগৰ বাৰৰ দৰে প্ৰশাসনে বান্ধি দিয়া সকলো নীতি নিয়ম মানি চলিব লাগিব ৷ অন্যথা Covid–19 Regulation 2020, The Disaster Management Act 2005 আৰু Epidemic Disease Act 1897 অধীনত আইনগত ব্যৱস্থা লোৱা হ’ব৷ কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি এক নিৰ্দেশনাযোগে স্পেনিছ গাৰ্ডেনক পুনৰ containment zone হিচাপে ঘোষণা কৰে৷
উল্লেখ্য যে মনিষ এতিয়া সম্পূৰ্ণ সূস্থ । তেওঁক ঘৰলৈ যোৱাৰ অনুমতি দিয়া হৈছিল যদিও স্পেনিছ গাৰ্ডেন জোন থকা বাবে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালৰ কেবিনত তেওঁক ৰখাৰ ব্যৱস্থা কৰা হয়।
উল্লেখ্য যে দেশত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না মহামাৰীত আক্ৰান্ত আৰু মৃতৰ সংখ্যা। অসম, মণিপুৰ, গোৱা আদি কেইখনমান ৰাজ্যত সংক্ৰমণ একপ্ৰকাৰ ৰোধ হ’লেও কেতবোৰ স্থানত পৰিস্থিতি শোচনীয় হৈ আছে অথবা পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে। শেহতীয়া তথ্য অনুসৰি দেশত আজিলৈকে ক’ৰ’না মহামাৰীত ৫৪৩জন লোকৰ মৃত্যু হৈছে আৰু আক্ৰান্তৰ সংখ্যা ১৭,২৬০ জনলৈ বৃদ্ধি পাইছে। মাথোঁ যোৱা ২৪ ঘন্টাতে দেশত ক’ৰ’না মহামাৰীত আক্ৰান্ত ৩৬জন লোকৰ মৃত্যু হৈছে। আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ১,৫৫৩জন নতুন ক’ৰ’না মহামাৰীত আক্ৰান্ত ধৰা পৰে। ফলত দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১৭,২৬০লৈ বৃদ্ধি পায়।
তদুপৰি ক’ৱিড-১৯ৰ সংক্ৰমণ আগতীয়া চিনাক্তকৰণৰ উদ্দেশ্য ৰাজ্যৰ স্বাস্থ্য বিভাগে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশৰূপে স্বাস্থ্য বিভাগে ৰাজ্যৰ সকলো লোকৰে থু-খেকাৰ আৰু নাকৰ ময়লা পৰীক্ষা কৰিব । এই উদ্দেশ্য স্বাস্থ্য বিভাগে অচিৰেই থু-খেকাৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিব।
অন্য খবৰৰ বাবে পঢ়ক: শ্বিলঙৰ অসামৰিক চিকিৎসালয়ত ২০০ ক’ৰ’না আক্ৰান্তক চিকিৎসাৰ সুবিধা মুকলি
ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown