Begin typing your search above and press return to search.

ইউক্ৰেনৰ সাগৰত সাঁতুৰিবলৈ গৈ সলিল সমাধি গুৱাহাটীৰ যুৱকৰ

ইউক্ৰেনৰ সাগৰত সাঁতুৰিবলৈ গৈ সলিল সমাধি গুৱাহাটীৰ যুৱকৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2019 12:36 PM GMT

ইউক্ৰেনৰ সাগৰত সাঁতুৰিবলৈ গৈ সলিল সমাধি গুৱাহাটীৰ যুৱকৰ । ইউক্ৰেনত চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰি কৰি আছিল নিকুমনি কাকতি নামৰ যুৱক জনে । যুৱক জনৰ ঘৰ গনেশগুৰিত ।

নিকুমনি কাকতি ধীৰেন কাকতি আৰু দিপাঞ্জলী কাকতিৰ একমাত্ৰ পুত্ৰ সন্তান আছিল । নিকুমনি কাকতিৰ মৃত্যুত পিতৃ মাতৃ শোকত ভাঙি পৰিছে । পিতৃ মাতৃয়ে শোকত ভাঙি পৰাৰ লগতে অঞ্চলতোত শোকৰ ছাঁ পৰিছে । নিকুমনি কাকতিয়ে ১২ জুনত ঘৰলৈ অহাৰ কথা আছিল । নিকুমনি কাকতিৰ এই আকষ্মিক মৃত্যুয়ে শোকৰ ছাঁ পেলাইছে ।

এম বি বি এচৰ দ্বিতীয় চেমিষ্টাৰৰ ছাত্ৰ আছিল নিকুমনি কাকতি। ইউক্ৰেনৰ এখন মেডিকেল কলেজত অধ্যয়নৰত আছিল নিকুমনি ।

সাগৰত সাতুৰিবলৈ গৈ সলিল সমাধি ঘটা বুলি সন্দেহ কৰা হৈছে । কিন্তু এইটো এটা দুৰ্ঘটনা নে ইয়াৰ আঁৰত অন্য ৰহস্য আছে এয়া অনুসন্ধানতহে পোহৰলৈ আহিব ।

দুদিনৰ পাছত ঘৰলৈ অহাৰ কথা আছিল নিকুমনি ।কিন্তু এতিয়া নিকুমনিৰ নিথৰ দেহে আহিব ঘৰলৈ । এই মৰ্মান্তিক ঘটনাত হিয়া উজাৰি কান্দিছে পিতৃ মাতৃয়ে ।

উল্লেখযোগ্য যে মেধাৱী বহুতো ছাত্ৰ-ছাত্ৰীয়ে বহি ৰাজ্য তথা বহি দেশত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈ মৃত্যু হোৱা ঘটনা প্ৰায়ে সংঘটিত হোৱা পৰিলক্ষিত হয়। ইয়াৰ ফলতে বহি ৰাজ্যত শিক্ষা গ্ৰহণ কৰিবলৈ পঠিওৱাৰ ক্ষেত্ৰত পিতৃ মাতৃ সংকিত হৈ পৰে। চলিত বৰ্ষৰে এপ্ৰিল মাহৰ ৰাজস্থানলৈ উচ্চ শিক্ষাৰ বাবে যোৱা এজন যুৱক নিহত হৈছিল । যুৱক জনৰ নাম আছিল ৰাহুল বেজবৰুৱা। ৰাহুল বেজবৰুৱা মেৱাৰ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে গৈছিল। বিশ্ববিদ্যালয় খনৰ সমিতিপৰ পুখুৰীত পৰি মৃত্যু হৈছিল । পুনৰ এনে এক ঘটনাই সমগ্ৰ ৰাজ্য জুৰী শোকৰ ছাঁ পেলাইছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি