Begin typing your search above and press return to search.

নতুন ৰুপত নতুন চিন্তাৰে গুৱাহাটী পৌৰ নিগম

নতুন ৰুপত নতুন চিন্তাৰে গুৱাহাটী পৌৰ নিগম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jun 2019 1:08 PM GMT

নতুন ৰুপত নতুন চিন্তাৰে গুৱাহাটী পৌৰ নিগম ৷ মহানগৰীৰ সামগ্ৰিক উন্নয়নৰ কাৰণে গুৱাহাটী পৌৰ নিগমৰ বিশেষ পদক্ষেপ ৷ সোমবাৰে বিয়লি ৪ বজাৰ ৮ বজালৈ গুৱাহাটীৰ পৌৰ নিগমৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকখনত বেদখলৰ সন্দৰ্ভত মন্তব্য কৰে আযুক্ত দেৱেশ্বৰ মালাকৰে ৷ ২০১৮ -১৯ ত ৰৈ যোৱা কাম তিনি মাহৰ ভিতৰত সম্পূৰ্ন কৰাৰ নিৰ্দেশ দিয়ে দেৱেশ্বৰ মালাকাৰে ৷

লগতে উপযুক্ত খালী ঠাইত জনসাধাৰণৰ কাৰণে শৌচালয়, ৰানিং ৱাটাৰৰ ব্যৱস্থা কৰিব ৷ ইফালে, বজাৰসমূহত পৰ্যায় ক্ৰমে শৌচালয়,আৰু খোৱা পানী ব্যৱস্থা কৰা হ’ব ৷ জনসাধাৰণৰ মাজত পৰিবেশ সচেতনাৰ কাৰণে প্লাষ্টিক বৰ্জনৰ বাবে নিৰ্দেশ দিয়ে দেবেশ্বৰ মালাকাৰে ৷ ইয়াৰোপৰি প্লাষ্টিক কিনা বা ব্যৱহাৰ কৰা সকলক জৰিমনা হ’ব বুলি কয় আয়ুক্ত মালাকাৰে ৷

ইফালে, গুৱাহাটী অন্তৰ্গত মাটি সমূহত জনসাধাৰণে বেদল কৰাৰ প্ৰচেষ্টা চলাই থাকে বুলি কয় দেবেশ্বৰ মালাকাৰে ৷ এই সমগ্ৰ বিষয়টো কাৰ্যবাহী অভিযন্তাক চোৱাচিতাৰ দায়িত্ব দিয়ে ৷ লগতে বেদখল হ'লে বিষয়াজন ব্যক্তিগতভাৱে দায়ী হ’ব বুলি সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে দেৱেশ্বৰ মালাকাৰে। গুৱাহাটী পৌৰ নিগমে বিশেষ আঁচনি প্ৰস্তুত কৰাৰ কথাও উল্লেখ কৰে । এই আঁচনিৰ জৰিয়তে মহানগৰীত ম’হৰ প্ৰকোপ হ্ৰাস কৰিবলৈ তথা পৌৰ নিগমৰ সুবিধাৰ্থে বাহনসমূহৰ সংখ্যা বৃদ্ধি কৰা আৰু বিত্তীয় আয়োগৰ আঁচনিৰ অধীনত আঁচনি প্ৰস্তুতৰ কথা উল্লেখ কৰে দেবেশ্বৰ মালাকাৰে।

অম্বুবাছী মেলাৰ প্ৰসংগৰ কথা উল্লেখ কৰে দেৱেশ্বৰ মালাকাৰে কয় যে অম্বুবাছীৰ লগত অসমৰ সন্মান জৰিত হৈ আছ ৷ গতিকে গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গতত পৰা সকলো কাৰ্য যাতে সূচাৰূপে সম্পন্ন কৰিব পাৰে তাৰ কাৰণে সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে পৌৰ নিগমৰ আয়ুক্ত দেবেশ্বৰ মালাকাৰে ৷ মহানগৰীত থকা কিছুসংখ্যক অনাধিকৃত ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰতো নজৰ ৰাখিব গুৱাহাটী পৌৰ নিগমে ৷

ইফালে কামৰ অগ্ৰগতিৰ সন্দৰ্ভত তথা মহানগৰীৰ সমস্যাসমূহৰ সন্দৰ্ভত পানবজাৰস্থিত পৌৰনিগমৰ কৰ্যালয়ৰ বিষয়া সকলক লৈ প্ৰতিদিনে ১০ বজাত আলোচনা কৰা কথা উল্লেখ কৰে আয়ুক্ত দেৱেশ্বৰ মালাকাৰে ৷ তেওঁ অন্যান্য বিষয়াসকলকো এনেদৰে কামৰ অগ্ৰগতিৰ সম্পৰ্কে সুবিধা অনুযায়ী আলোচনা কৰিবলৈ কয় ৷ বাসগৃহৰ ক্ষেত্ৰত অনুমতি অফলাইনত থকা লোৱা সকলক ১৪ আৰু ১৫ জুনত যাৱতীয় তথ্য পাতি লৈ উজান বজাৰৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ কয় ৷

অৱশ্যে নিৰ্ধাৰণ কৰা তাৰিখে যদি কোনোৱে অনুমতি ল’ব নোৱাৰে তেন্তে অন লাইন যোগে কৰিবলৈ কয় ৷ এন জি অ বিলাকৰ সন্দৰ্ভত আয়ুক্ত দেবেশ্বৰ মালাকাৰে কয় যে কিছুমান এন জি অ’ই সম্প্ৰতি ভাল কাম কৰি আছে ৷ গতিকে প্ৰত্যেক ১৫ দিনৰ মূৰে মূৰে দায়িত্বত থকা কাৰ্যবাহী অভিযন্তাসকলে প্ৰতিবেদন দাখিল কৰিব ৷ যদি প্ৰতিবেদনত এন জি অ টোৱে ইতিবাচক ফলাফল দেখুওৱা নোৱাৰে ৷ তেন্তে বিহিত ব্যৱস্থা ল’ব কৰ্তৃপক্ষই ৷এই মন্তব্য দেৱেশ্বৰ মালাকাৰৰ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি