ক’ৰ’না মহামাৰীঃ মাস্ক পৰিধান নকৰা কেইবাজনকো গ্ৰেপ্তাৰ গুৱাহাটীত

ক’ৰ’না মহামাৰীঃ মাস্ক পৰিধান নকৰা কেইবাজনকো গ্ৰেপ্তাৰ গুৱাহাটীত

ক’ৰ’না মহামাৰীঃ মাস্ক পৰিধান নকৰা কেইবাজনকো গ্ৰেপ্তাৰ গুৱাহাটীত

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ গুৰুত্বপূ্ৰ্ণ আহিলাৰূপে চিহ্নিত মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত বিচৰণ কৰি নিজৰ লগতে আনৰো জীৱন বিপদাপন্ন কৰা বহুকেইজন লোকক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে সম্প্ৰতি তলাবন্ধ (লক-ডাউনৰ) নীতি-নিয়ম অত্যন্ত কঠোৰভাবে বলবত কৰা হৈছে। ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান(ডি জি পি) ভাস্কৰজ্যোতি মহন্তই কিছুদিন পূৰ্বে ইয়াৰ সতৰ্কবাণী শুনায়। তাৰ পাছতো লক-ডাউনৰ নীতি-নিয়ম উলংঘা কৰি মাস্ক পৰিধান নকৰি এই লোকসকলে ৰাজহুৱা স্থানত বিচৰণ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা এনে বহু লোকক গ্ৰেপ্তাৰ কৰিছে। এই কথা সদৰী কৰি মহানগৰ আৰক্ষীয়ে টুইটাৰত কয়,“ পল্টনবজাৰ আৰক্ষীয়ে মাস্ক পৰিধান নকৰাৰ বাবে ১১জন আৰু ফটাশিল আমবাৰী আৰক্ষীয়ে একে কাৰণতে ১৫জন লোকক গ্ৰেপ্তাৰ কৰিছে। এইসকলৰ বিৰুদ্ধে সংশ্লিষ্ট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে”। তদুপৰি মহানগৰীৰ আন কেইবাখনো আৰক্ষী থানাই মাস্ক পৰিধান নকৰি ৰাজহুৱা স্থানলৈ ওলোৱা লোকৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰিছে। অসম আৰক্ষীয়ে লক-ডাউনৰ সকলো নীতি-নিয়ম আখৰে আখৰে পালন কৰিবলৈ ৰাইজৰ প্ৰতি বাৰে বাৰে অনুৰোধ জনাই আহিছে। তত্সত্বেও একাংশ লোকে মইমতালিৰে মাস্ক পৰিধান নকৰি ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ লৈছে। এনেদৰে এই লোকসকলে নিজৰ লগতে আনৰো জীৱন বিপদাপন্ন কৰি তুলিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে অসম আৰক্ষীয়ে এনে উদ্ভণ্ডালি কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে, দেশত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা আজি বৃহস্পতিবাৰে ২১,৭৯৭ লৈ বৃদ্ধি পায়। আনহাতে, মৃতৰ সংখ্যা ৬৮৩লৈ বৃদ্ধি পাইছে। দেশৰ ভিতৰত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক হৈছে মহাৰাষ্ট্ৰত। তাৰ পাছতে আছে গুজৰাট। অসম, মণিপুৰ, গোৱা আদি কেইখনমান ৰাজ্যত সংক্ৰমণ একপ্ৰকাৰ ৰোধ হ’লেও কেতবোৰ স্থানত পৰিস্থিতি শোচনীয় হৈ আছে অথবা পৰিস্থিতিৰ দ্ৰুত অৱনতি ঘটিছে। অৱ্শ্যে আজি অসমত নতুনকৈ এজন ক’ৰ’না ৰোগী চিনাক্ত হয়। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত সদৰী কৰা অনুসৰি এই লোকজন হৈছে ধুবুৰীৰ বিলাসীপাৰাৰ। এই লোকজন ক’ৰ’নাত আক্ৰান্ত বুলি নিশ্চিত কৰাৰ লগে লগে অসমত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ৩৫জনলৈ বৃদ্ধি পায়। ইয়াৰে এজনৰ ইতিমধ্যে মৃত্যু হৈছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com