Begin typing your search above and press return to search.

জল ব'ৰ্ডৰ কাৰ্যলয় ঘেৰাও কৰি উত্তাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

জল বৰ্ডৰ কাৰ্যলয় ঘেৰাও কৰি উত্তাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Nov 2019 10:28 AM GMT

জল ব'ৰ্ডৰ কাৰ্যলয় ঘেৰাও কৰি উত্তাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ন । তীব্ৰ খোৱা পানীৰ সংকটত পৰিছে গুৱাহাটী মহানগৰীৰ । মহানগৰীৰ কেইখনমান স্থান যেনে আৰ জি বৰুৱা ৰোড, গণেশগুৰি , খ্ৰীষ্টানবস্তি , ৰাজগড় , ৰুক্মিণী গাওঁ ,শ্ৰীনগৰ , তৰুন নগৰ, অম্বিকাগিৰী নগৰ ,হেঙেৰাবাৰী , ৰূপ নগৰ , জাপৰিগোগ , ভাস্কৰ নগৰ , সৰুমটৰীয়া আদি অঞ্চল খোৱা পানীৰ তীব্ৰ নাটনি হৈছে।

বুধবাৰে গুৱাহাটী মহানগৰ উন্নয়ন সমিতিৰ শতাধিক নেতা কৰ্মীয়ে জলব'ৰ্ড কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী দলটোৱে জলব'ৰ্ডৰ পৰিচালন সঞ্চালক পল বৰুৱালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । এই স্মাৰক পত্ৰ খনত তেওঁলোকৰ দাবী সমূহ উল্লেখ কৰে । প্ৰতিবাদী দলটোৱে শীঘ্ৰেই মহানগৰ বাসীক বিশুদ্ধ খোৱা পানীৰ যোগান আৰু জলব'ৰ্ডৰ মাছুলৰ হাৰ হ্ৰাস কৰাৰ দাবী জনায় । দিল্লী জলব'ৰ্ডে প্ৰতিমাহে ২০ লিটাৰ বিশুদ্ধ খোৱা পানীৰ যোগান ধৰে , ঠিক তেনেদৰে ৰাজ্য চৰকাৰকো এই নীতি পালন কৰাৰ আহ্বান‌ জনায় প্ৰতিবাদী দলটোৱে । এই সমিতি খনে পি এইচ ই ৰ অধীনত অসম্পূৰ্ণ আচনিৰ কাম সম্পূৰ্ণ কৰাৰো দাবী জনায় ।

মহানগৰীবাসীৰ বাবে খোৱ।পানীৰ সম‌স্যা এক দীর্ঘদিনীয়া সমস্যা । জি এছ ৰোড নিবাসী একাংশ লোকে জনাই যে তেওঁলোকে দিনত মাত্ৰ আধা ঘন্টাৰ বাবেহে পানী লাভ কৰে । লগতে তেওঁলোকৰ প্ৰয়োজনৰ হিচাপত কম পানী লাভ কৰে বুলি অভিযোগ কৰে।

চৰকাৰী কৰ্মচাৰীয়ে জনোৱা অনুসৰি জু ৰোড পানী যোগান আঁচনিৰ অধীনত প্ৰায় ৭,১৫৪ পানীৰ সংযোগ আছে ।সেই পানী যোগান আঁচনিৰ চাৰি ডাল পাইপৰ দুডাল পাইপ নষ্ট হোৱাৰ বাবে কেৱল মাত্ৰ দুডাল পাইপেৰে ৭,১৫৪ পানীৰ সংযোগ দিয়া হৈছে । আনহাতে

খোৱা পানীৰ বিভিন্ন সমস্যা সমূহ সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় লগতে জলব'ৰ্ডৰ বিভিন্ন আঁচনি সমূহৰ প্ৰগতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰো দাৱী জনায় প্ৰতিবাদী দলটোৱে ।

অন্য খবৰৰ বাবে পঢ়ক: ইংৰাজী ভাষাত ডুবাইত প্ৰদৰ্শন হ’ল অংকীয়া ভাওনা কেলিগোপাল

ভিডিঅ প্ৰতক্ষ্য কৰক: City Livelihood Centre inaugurated by Parimal Suklabaidya in Hailakandi

Next Story
চাকৰি