Begin typing your search above and press return to search.

২২ পৰা ২৫ জুনলৈকে অম্বুবাচী মেলা : প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ

২২ পৰা ২৫ জুনলৈকে অম্বুবাচী মেলা : প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jun 2019 1:14 PM GMT

অসম পৰ্যটন নিগমৰ অধক্ষ্য জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰি অম্বুবাচী মেলাৰ কাৰ্যসূচী সমূহৰ বিষয়ে প্ৰকাশ কৰে । ২২ জুনৰ পৰা ২৫ জুনলৈ অনুষ্ঠিত হব লগীয়া অম্বুবাচী মেলা সম্পৰ্কত তেও কয় যে ২১ তাৰিখে উদ্ধোধন হব অম্বুবাচী মেলা ৷ মহানগৰী সোনাৰাম খেলপথাৰত বিয়লি ৪ বজাত উদ্ধোধন কৰিব ভাৰতৰ পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱাল,বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম ৷ উদ্ধোধনি অনুষ্ঠানত সন্ধিয়ালৈ আয়োজন হব সাংস্কৃতিক সন্ধিয়া বুলি কয় অধক্ষ্য গৰাকীয়ে|

সাংস্কৃতিক অনুষ্ঠানত দেৱী বন্দনা পৰিবেশন কৰিব বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী কৈলাস খেৰে ৷ ২২ তাৰিখৰ পৰা ২৫ তাৰিখলৈ বন্ধ থাকিব কামাখ্যাৰ মূল দূৱাৰ ৷ আনহাতে যোৱা বৰ্ষৰ দৰে এইবাৰো সোনাৰাম খেলপথাৰত সন্ধিয়া ৩ বজাৰ পৰা ৰাতি ৮ বজালৈকে ২২ তাৰিখৰ পৰা ২৮ তাৰিখলৈ সপ্তাহ যোৰা কাৰ্যসূচীৰে দেৱী ভাগৱত পাঠ অনুষ্ঠিত হব ৷ চাদবি অদিতি ভাৰতী আৰু দিব্যজ্যোতি সংস্থা নামৰ এটা অনুষ্ঠানে পাঠ কৰিব দেৱী বন্দনা ৷

ভক্ত সকলৰ কাৰনে পৰ্যটন বিভাগে এইবাৰো স্থাপন কৰিব ৪ টাকৈ ভক্তৰ শিবিৰ ৷ পূৰ্বৰ তুলনাত কম হব শিবিৰৰ সংখ্যা কিন্তু শিবিৰ সমূহত ভক্ত থকাক ক্ষমতা পূৰ্বতকৈ ২০ শতাংশ বৃদ্ধি হব সেই অনুসৰি ফাচী বজাৰৰ জেল ৰোডত নিৰ্মান হব ২০ৰ পৰা ২৫ হাজাৰ ভক্ত থাকিব পৰা শিবিৰ ৷ ইয়াৰ উপৰিও তৰুন সংঘ,পুৰনি পাণ্ডু ৰেল ষ্টেচন আৰু নাহেৰ পাৰা ভক্ত শিবিৰত ৩ ৰ পৰা ৮ হাজাৰকৈ ভক্ত থাকিব পৰা ব্যৱস্থা থাকিব ৷

পূৰ্ব বছৰৰ দৰে এইবাৰো লেজাৰ হেড কাউন্টিং ব্যৱস্থা থাকিব ৷ যোৱা বৰ্ষৰ লেজাৰ হেড কাউন্টিংৰ হিচাপ অনুসৰি ২০ লাখৰো অধিক ভক্ত অম্বুবাচীলৈ অহা বুলি জানিবলৈ দিয়ে ৷ পৰ্যটন বিভাগে এইবাৰ ২৫ লাখ ভক্তক আদৰিবলৈ সাজু ৷ দিব্যাংগ,জ্যেষ্ঠ আৰু ছাত্ৰ ছাত্ৰীৰ বাবে এইবাৰ বাছৰ ব্যৱস্থা কৰিব পৰিবহন নিগমে ৷তাৰ বাহিৰে কোনো বাহন নিব নোৱাৰিব কামাখ্যা মন্দিৰলৈ ৷

পৰ্যটন বিভাগে উল্লেখ কৰা অনুসৰি কামাখ্যা মন্দিৰলৈ যান বাহন চলাচল কৰা এটা পথৰ উপৰিও ভক্ত সকলক যোৱাৰ বাবে অন্য তিনিটা পথৰ ব্যৱস্থা কৰিব ৷সেই পথ সমূহৰে সহজে খোজ কাঢ়ি যাব মন্দিৰলৈ যাব পাৰিব ভক্ত সকল ৷ পৰ্যটন বিভাগে জানিব দিয়া অনুসৰি তিনিওটা পথতে ভক্ত সকলৰ সুবিধাৰ্থে স্থাপন কৰা হব শৌচালয়,খোৱাপানী,জিৰনি গৃহ ৷ ইয়াৰ উপৰিও ভক্ত সকলে উঠোতে কোনো কষ্ট নাপায় তাৰ বাবে ৰেলিংৰ ব্যৱস্থা থাকিব ৷ ইয়াৰ উপৰিও সমগ্ৰ কামখ্যা পাহাৰত অম্বুবাচীৰ দিন কেইটা বাজি থাকিব ধৰ্মীয় সংগীত ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি