২০২০ চনত গুৱাহাটীত অনুষ্ঠিত হ'ব ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান

২০২০ চনত গুৱাহাটীত অনুষ্ঠিত হ'ব ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান
Published on: 

২০২০ চনত গুৱাহাটীত অনুষ্ঠিত হ'ব ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান ।‌এয়া এতিয়া অফিচিয়েল ভাৱে নিশ্চিত হৈছে যে গুৱাহাটীতে অনুষ্ঠিত হ'ব আগন্তুক ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান।‌ ফেব্ৰুৱাৰী মাহত হ'ব লগীয়া সৰ্ব বৃহৎ বঁটা প্ৰদান অনুষ্ঠান ফিল্ম ফেয়াৰ আয়োজন কৰিব গেটৱে অফ দ্যা নৰ্থ ইষ্ট এ । এয়া প্ৰথমবাৰৰ বাবে মুম্বাইৰ বাহিৰত ফিল্ম ফেয়াৰ অনুষ্ঠিত কৰা হ'ব। এই সন্দৰ্ভত ২৫ নৱেম্বৰ তাৰিখে দ্যা টাইমছ গ্ৰুপ আৰু পৰ্যটন উন্নয়ন নিগমৰ মাজত এক বুজা বুজিৰ চুক্তি স্বাক্ষৰ হব।

এম অ' ইউ( MoU) ৱে হস্তাক্ষৰ কৰিব লগীয়া সমাৰোহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব ।‌

১৫ ফেব্ৰুৱাৰী তাৰিখ ২০২০ ত গুৱাহাটীত অনুষ্ঠিত হ'ব ফিল্ম ফেয়াৰ অনুষ্ঠান। উল্লেখযোগ্য যে প্ৰথম ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈছিল ১৯৫৪ চনৰ ২১ মাৰ্চ তাৰিখে মুম্বাই মেট্ৰ চিনেমা হ'লত ।‌সেই অনুষ্ঠানত দো বিঘা জমিন শীৰ্ষক ছবি আনে শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ লাভ কৰিছিল। তদুপৰি সেই অনুষ্ঠানৰ বঁটাটো ব্ৰঞ্জৰ দ্বাৰা বনোৱা হৈছিল আৰু সেই বঁটাটো ৪৬.৫ ছেন্টিমিটাৰ দীঘল হোৱাৰ লগতে ইয়াৰ ওজন ৫ কিলো আছিল ।

গুৱাহাটী বাসী অতি আনন্দিত যে তেওঁলোকে সৰ্ববৃহৎ বঁটা প্ৰদান অনুষ্ঠান ফিল্ম ফেয়াৰৰ আনন্দ ল'ব পাৰিব । প্ৰথম বাৰৰ বাবে গুৱাহাটীত ফিল্ম ফেয়াৰ অনুষ্ঠিত হোৱা হেতুকে টিকটৰ মূল্য অধিক হ'ব পাৰে । ইয়াৰ আগতে মুম্বাইত অনুষ্ঠিত হোৱা অনুষ্ঠনটোত টিকটৰ সৰ্বনিম্ন মূল্য আছিল ১০,০০০ টকা ।

অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে গুৱাহাটীত ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰাৰ একমাত্ৰ উদ্দেশ্য হ'ল বলিউডক সাঙুৰি অসমৰ বিশাল পৰ্যটন ক্ষেত্ৰৰ ক্ষমতা বঢ়োৱা ।

ফিল্ম ফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ বাবে ৩০ কোটি টকাৰ বাজেট ধাৰ্য কৰি হৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com