Begin typing your search above and press return to search.

পশ্চিত বংগত চিকিৎসকসকলৰ ওপৰত কৰা আক্ৰমণক গৰিহনা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

পশ্চিত বংগত চিকিৎসকসকলৰ ওপৰত কৰা আক্ৰমণক গৰিহনা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত  বিশ্ব শৰ্মাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jun 2019 8:29 AM GMT

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে মই পশ্চিম বংগত চিকিৎসকৰ লগত হোৱা বৰ্বৰ অত্যাচাৰক গৰিহনা দিছো ৷ লগতে চিকিৎসকসকলৰ সৈতে ভ্ৰাতৃত্ব বোধৰ সম্পৰ্ক ৰক্ষা কৰিবলৈ সকলোকে আহ্বান কৰে ৷ স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাই সোমবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ সোনালী জয়ন্তী সামৰণিত সাংবাদিকৰ লগত হোৱা মত বিনিময়ত এই মন্তব্য প্ৰকাশ কৰে।

ড° শৰ্মাই লগতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰ এই সমগ্ৰ বিষয়টো সমাধান কৰাত অসফলতাৰ কথাও প্ৰকাশ কৰে ৷ মন্ত্ৰী ড° শৰ্মাই কয় যে আমাৰ ৰাজ্যৰ চিকিৎসকসকলৰ ভিতৰত ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকসকলে প্ৰতি মাহে প্ৰায় ২লাখ টকা উপাৰ্জন কৰে ৷ কিন্তু ৰাজ্য চৰকাৰৰ চিকিৎসকসকলে ন্যুনতম ৪০,০০০ টকাৰ পৰা ৫০০০০ টকা উপাৰ্জন কৰে।

লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে কেতিয়াবা প্ৰায় ১০০০ ৰোগীক চিকিৎসা প্ৰদান কৰিবলগীয়া হয়। ইয়াৰে কিছুমান মৃত্যু মুখত পৰে। ৰোগীৰ এই মৃত্যু উপস্থিত চিকিৎসকৰ কাৰনে ন’হবও পাৰে ৷ইয়াৰ পিছতে যদি মৃত ব্যক্তিৰ পৰিয়াল বৰ্গই সেই চিকিৎসক জনৰ লগত কন্দলত লিপ্ত হৈ চিকিৎসকজনক প্ৰহাৰ কৰে,তেন্তে পিছদিনাৰ পৰা আৰু চিকিৎসকজন নিজৰ কৰ্মস্থলীত উপস্থিত হ’ব নোৱাৰে ৷তেতিয়া সেই চিকিৎসকজনৰ অপেক্ষাত শতাধিক ৰোগীৰ অৱস্থা অতি শোচনীয় হ’ব ৷

গতিকে ৰোগী আৰু চিকিৎসকসকলৰ মাজত এটি বন্ধুত্ব পূৰ্ণ সম্পৰ্ক বৰ্তি থাকিব লাগে বুলি কয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ইফালে পশ্চিম বংগত চিকিৎসকৰ ওপৰত হোৱা অত্যাচাৰৰ পিছত ইণ্ডিয়ান মেডিকেল এছোচিয়েশ্যনে লোৱা নিৰ্ণয়ৰ পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক সন্থাই পুৱা ৬ বজাৰ পৰা ২৪ ঘন্টাৰ কাৰনে নিজৰ সকলো সেৱা বন্ধ কৰি দিয়ে ৷ কিন্তু জৰুৰীকালীন সকলো সেৱা বন্ধ কৰা নাই চিকিৎসকসকলে ৷ চিকিৎসকৰ ধৰ্মঘটৰ ফলত সোমবাৰে ৰাজ্যজুৰি চিকিৎসা সেৱা অচল হৈ পৰে ।

ইফালে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পাতালৰ কনিষ্ঠ চিকিৎসক সন্থাই দেশজোৰা ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনাই হাস্পাতালৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ গুৱাহাটীৰ চৰকাৰী চিকিৎসালয়ৰ উপৰি নাৰায়না,এক্সেল কেয়াৰ হাস্পাতাল,হায়াত হাস্পাতাল,আৰ্য হাস্পাতাল আদি বহু চিকিৎসালয়ে ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনায়।

গুৱাহাটীৰ উপৰিও যোৰহাট মেডিকেল কলেজ,শিলচৰ মেডিকেল কলেজ,নগাঁৱৰ ভোগেশ্বৰ ফুকননী অসামৰিক চিকিৎসালয়ৰ লগতে ডিব্ৰুগড়,শিৱসাগৰ, তিনিচুকীয়া,মঙলদৈ, নলবাৰী,বৰপেটা, গোলাঘাট,বঙাইগাঁৱৰ চিকিৎসক সমাজে প্ৰতিবাদ সাব্যস্ত কৰে ।চৰকাৰী বেচৰকাৰী চিকিৎসালয়ৰ লগতে চিকিৎসক সমাজৰ ধৰ্মঘটৰ ফলত কাৰ্যতঃ সোমাবাৰে ৰাজ্যজুৰি চিকিৎসা সেৱা ব্যাহত হৈ পৰে আৰু ব্যাপক সমস্যাৰ সন্মুখীন হয় ৰোগীসকল ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যৰ ৰাজকোষৰ ধনৰে সমস্যাসমূহ পূৰণ কৰা হব : হিমন্ত বিশ্ব শৰ্মা

Next Story
চাকৰি