Begin typing your search above and press return to search.

ক’ৰ’না মহামাৰী: ৰাজহুৱা স্থান বীজাণুমুক্ত কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা জাৰি

ক’ৰ’না মহামাৰী: ৰাজহুৱা স্থান বীজাণুমুক্ত কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা জাৰি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 April 2020 9:11 AM GMT

ক’ৰ’না মহামাৰী: ৰাজহুৱা স্থান বীজাণুমুক্ত কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা জাৰি।ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ সকলো ৰাজহুৱা স্থান বীজাণুমুক্ত কৰাৰ বাবে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। এই নীতি-নিৰ্দেশনাসমূহ কাৰ্যকৰী কৰাৰ বাবে ১) ঘৰ-কাৰ্যালয়ৰ অভ্যন্তৰৰ স্থান, ২) বাহিৰৰ অঞ্চল আৰু ৩) সকলোৱে পদাৰ্পণ কৰা স্থান।

মন্ত্ৰালয়ৰ মতে ঘৰ-কাৰ্যালয়ৰ বাহিৰৰ অঞ্চলসমূহত বতাহ আৰু সূৰ্যৰ পোহৰৰ বাবে ঘৰৰ ভিতৰৰ তুলনাত বাহিৰত কম বিপদ আছে।

ঘৰ বা কাৰ্যালয়ৰ ভিতৰৰ অঞ্চলসমূহ যেনে সভকক্ষসমূহ পুৱা আৰু সন্ধিয়া পৰিষ্কাৰ কৰিব লাগে।

নিৰ্দেশনা অনুসৰি পৰিষ্কাৰ কৰাৰ পূৰ্বে তেনে কামত নিয়োজিত শ্ৰমিকসকলক ৰবৰৰ ডিছপজেবল বা কেৱল ব্যাৱহাৰ কৰা জোটা, হাতমোজা, তিনি তৰপীয়া মাস্ক পিন্ধোৱাটো অত্যন্ত প্ৰয়োজন।

সকলো ধৰণৰ অভ্যন্তৰীণ অঞ্চল লবী, কৰিডৰ, বৈঠক কক্ষ, কেফিটেৰিয়া আদিত হাইপোক্লোৰাইট , ফেনাইল আদি ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰা প্ৰয়োজন।

তদুপৰি দ্ৰুত যোগাযোগৰ মাধ্যম যেনে টেলিফোন, প্ৰিন্টাৰ, স্কেন মেচিন আদি দুবাৰকৈ পৰিষ্কাৰ কৰিব লাগে।

কাৰ্যালয় আৰু আন উচ্চ যোগাযোগৰ মাধ্যম সমূহত ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগে।

লগতে কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীসকলে দূৰে দূৰে বহিব লাগে।আনহাতে, স্বাস্থ্য মন্ত্ৰালয়ে দিয়া শেহতীয়া নিৰ্দেশনা অনুসৰি ৰাজহুৱা স্থান যেনে বাছ আস্থান, ৰেলৱে প্লেটফৰ্ম, উদ্যান, পথ আদি পৰিষ্কাৰ কৰি বীজাণু মুক্ত কৰিব লাগে আৰু বহু লোকৰ স্পৰ্শৰ ফলত বীজাণু সংক্ৰমিত হব পৰা স্থানসমূহ সঘনে পৰীক্ষা কৰা উচিত।একেদৰে ৰাজহুৱা শৌচাগাৰ পৰিষ্কাৰৰ সময়ত চাফাই কৰ্মীসকলক পৃথক পৃথক স্থানৰ বাবে সুকীয়া জাৰু ব্যৱহাৰ কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্দেশ জাৰি কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক : ক’ৰ’নাত আক্ৰান্ত নলবাৰীৰ ব্যক্তি উত্তৰ প্ৰদেশৰ বাসিন্দা

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি