Begin typing your search above and press return to search.

৫ বছৰীয়া এজন শিশুৰ ফটো , পেলনীয়া কাগজৰ পৰা খাইছে খাদ্য

৫ বছৰীয়া এজন শিশুৰ ফটো , পেলনীয়া কাগজৰ পৰা খাইছে খাদ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Oct 2019 2:17 PM GMT

৫ বছৰীয়া এজন শিশুৰ ফটো , যি খন ফটোৱে আৱেগিক কৰি তুলিছে সকলোকে । ফটোখনত থকা ৫ বছৰীয়া শিশুটি ইৰিছৰ । ফটোখনত এজন ৫ বছৰীয়া শিশুই ৰাস্তাৰ কাষত থকা এখন কাগজৰ পৰা কিবা খাই থকা পৰিলক্ষিত হয় । এই ফটোখনে মানুহৰ মাজত এক শোকৰ আলোড়নৰ সৃষ্টি কৰিছে ।

এই ফটোখন বহু মানুহে হৃদয় বিধায়ক বুলি উল্লেখ কৰাৰ লগতে আন বহু মানুহে আচৰিত হয় । লগতে আন কিছুমান মানুহে খং প্ৰকাশো কৰে ফটো খনৰ ওপৰত ।

এই ফটোখন অতি কম সময়ৰ ভিতৰতে ছোচিয়েল মিডিয়াত ভাইৰেল হয় আৰু বহুতেই শিশুটিক সহায় কৰিবলৈ আগবাঢ়ি আহে ।

ফটোখন স্বয়ংসেৱা গ্ৰুপ ফেচবুকৰ দ্যা হোমলেচ ষ্ট্ৰিট কেফেত প্ৰচাৰ কৰে । ফটোখনত এজন লৰাই ৰাস্তাৰ মাজত বহি পেলনীয়া কাগজৰ পৰা খাদ্য খাই আছিল ।

ফটোখনৰ‌ লগত লিখিছিল যে , " আমি এক অবিশ্বাস্যীয় ৰাতিৰ পিছত ঘৰত আহো । মই বিচনাত যাবলৈ বহুত ক্লান্ত , অৱসাদপূৰ্ন , অপৰাধবোধ কৰি আছো, এখন ছবিয়ে মোক আৱেগিক কৰি তুলিছে " । পোষ্টটোত লিখে যে লৰা জনৰ নাম শ্যাম । তেওঁ তেওঁৰ নিশাৰ খাদ্য ৰাস্তাৰ কাষত পৰি থকা কাগজৰ পৰা গ্ৰহণ কৰিছে । এই পোষ্টটো এটা প্ৰশ্নৰ লগত সমাপ্ত কৰে যে এয়া আমি সকলোৱে গ্ৰহণ কৰিব পাৰোনে ?

অক্টোবৰ ১৬ তাৰিখে প্ৰচাৰ কৰা এই ফটোখনত কমেও ১০,০০০ লোকে প্ৰতিক্ৰিয়া কৰাৰ লগতে ৯,৩০০‌ মানুহে ফটোখন শ্বেয়াৰ কৰে আৰু কমেও ২,৩০০ মানুহে ফটোখনৰ ওপৰত মন্তব্য আগবঢ়ায়।

ফেচবুকৰ গ্ৰুপটোৱে সেই একেই পোষ্টতে সকলোৱে বৰঙনি আগবঢ়োৱা বাবে ধন্যবাদ জ্ঞাপন কৰে । তাৰোপৰি ধন্যবাদ জ্ঞাপন কৰি লিখে যে ," সকলোৱে ফটোখন কেৱল গ্ৰহণ কৰাতে ক্ষান্ত নাথাকি অপৰিহাৰ্য সহাৰি দিয়া বাবে ধন্যবাদ " ।

অধিক খবৰৰ বাবে পঢ়ক: প্ৰেমিকে প্ৰেমিকাক চুৰিৰে আঘাত কৰাৰ পিছতেই কৰিলে আত্মহত্যা:চাঞ্চল্যৰ সৃষ্টি সৰ্বত্ৰে

ভিডিঅ প্ৰতক্ষ্য কৰক: Kati Bihu celebrated in Kampur

Next Story
চাকৰি