ইন্টাৰনেট বন্ধ? ইন্টাৰনেট নোহোৱাকৈ বাৰ্তা প্ৰেৰণ কৰিব পৰা " ব্ৰিজফী এপ"

ইন্টাৰনেট বন্ধ? ইন্টাৰনেট নোহোৱাকৈ বাৰ্তা প্ৰেৰণ কৰিব পৰা " ব্ৰিজফী এপ"। ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতেই অসম চৰকাৰে যোৱা সপ্তাহত অসমত ইন্টাৰনেট সেৱা কৰ্তন কৰে । ইন্টাৰনেট অবিহনে ডিজিটেল জগত সম্পূৰ্ণ ৰূপে অন্ধকাৰত আছে । কিন্তু এনেকুৱা এটা এপ আছে য'ত ইন্টাৰনেট অবিহনে বাৰ্তা প্ৰেৰণ কৰিব পাৰি। এই এপটো ব্যৱহাৰ কৰাৰ বাবে কোনো ধৰণৰ ইন্টাৰনেটৰ প্ৰয়োজন নাই । ইন্টাৰনেট নোহোৱা অঞ্চলটো এই এপৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰিব পাৰি।
আমি জানো যে ইন্টাৰনেট বন্ধ মানে হোৱাটচাপ , ফেচবুক , বা অন্য 3G ,4G সেৱা সমূহ সম্পূৰ্ণ ৰূপে বন্ধ হোৱা । কিন্তু কিছু দিনৰ পৰা " ব্ৰিজফী এপ" টোৱে টুইটাৰত কিছু প্ৰচাৰ হৈ থকা পৰিলক্ষিত হয়।
সংবাদ মাধ্যমৰ পৰা জানিব পৰা অনুসৰি "ব্ৰিজফী এপ" পৃথিৱীৰ বহু ঠাইত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। ।
"ব্ৰিজফী এপ" ৰ "ফায়াৰচাট"ৰ লগত কিছু মিল আছে।
ব্ৰিজফী এপে কেনেদৰে কাম কৰে?
ব্ৰিজফী এপটোৱে তিনিটা স্তৰত কাম কৰে । প্ৰথমতে " এটাৰ পৰা আনটো", য'ত দুজন উপভোক্তাই নিজৰ ব্লুটুথৰ সহায়ত ১০০ মিটাৰ দুৰত্বৰ পৰা বাৰ্তা প্ৰেৰণ কৰিব পাৰে ।
দ্বিতীয়তে যিটো বৰ্তমান সময়ত সৰ্বাধিক উপযোগী। এইটো "এটাৰ পৰা আনটো অধিক দুৰত্ব" প্ৰনালী । য'ত ৩৩০ ফুটৰ দুৰত্বৰ পৰা বাৰ্তা প্ৰেৰণ কৰিব পাৰে ।
তৃতীয়টো হ'ল "ব্ৰডকাষ্ট" পদ্ধতি। যিটো আন্দোলনৰ সময়ত ব্যৱহাৰ কৰিব পাৰি। য'ত উপভোক্তাই ওপৰত থকা আন ব্ৰিজফি ব্যৱহাৰকাৰী উপভোক্তাক বাৰ্তা প্ৰেৰণ কৰিব পাৰে। তেওঁৰ কনটেক্ট লিষ্টত নহ'লেও এই বাৰ্তা পাব ।
চৰ্ত :
ব্ৰিজফী এপ ডাউনলোড কৰিবলৈ ইন্টাৰনেট অতি আৱশ্যক।
অন্য খবৰৰ বাবে পঢ়ক : আজিৰে পৰা ইন্টাৰনেট সেৱা মুকলি কৰাৰ নিৰ্দেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
ভিডিঅ প্ৰতক্ষ্য কৰক : AASU 'Gana Satyagraha Programme' against CAA 2019 in Golaghat