ফেনিৰ বাবে অসমত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে: ফেৰী সেৱা বাতিল

ফেনিৰ বাবে অসমত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে: ফেৰী সেৱা বাতিল

ঘূৰ্ণি বতাহ ফেনিয়ে পশ্চিম বংগত কালৰূপ ধাৰণ কৰিছে । ঘূৰ্ণি বতাহ ফেনিৰ ফলত অসমৰ কেইখনো জিলাত প্ৰভাৱ পৰাৰ আশংকা ব্যক্ত কৰিছে। কামৰূপ জিলা প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে । সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীকে ধৰি প্ৰতিখন জিলাত ব্ৰহ্মপুত্ৰত ফেৰী চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে ।

অসম,অৰুনাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মনিপুৰ , মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে জনোৱা মতে ৪ আৰু ৫ মেত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত ধাৰাষাৰ বৰষুণ হব আৰু ৪ মেত অসম আৰু মেঘালয়ৰ ভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ হব । আজি নাগালেণ্ড, মনিপুৰ আৰু ত্ৰিপুৰাতো ধাৰাষাৰ বৰষুণ হোৱা কথা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰয়ে ।

অসমত ক্ষতিগ্ৰস্থ হব পৰা স্থান সমূহত শনিবাৰ আৰু দেওবাৰে ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে । গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাব লগা ৰেল সমূহ বাতিল কৰা হৈছে । ৪ আৰু ৫ মে তাৰিখৰ ফেৰী সমূহ বাতিল কৰিছে। ধুবুৰী, যোৰহাট, মাজুলী, ডিব্ৰুগড় আৰু শোণিতপুৰৰ লগতে আন জিলা সমূহৰো ফেৰী সেৱা বাতিল কৰা হৈছে ।

ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বৰপেটা, কামৰূপ, দক্ষিণ শালমৰা, মানকাছাৰ আৰু বাক্সাত আই এম ডিয়ে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । আনহাতে নলবাৰী, কামৰূপ, দেৰগাঁও, মৰিগাঁও, শোণিতপুৰ, কাছাৰ আৰু কৰিমগঞ্জ মত য়েল্লো এলাৰ্ট জাৰি কৰিছে ।

দেওবাৰে বঙাইগাঁও , চিৰাং, বৰপেটা, নলবাৰী, বাক্সা, শোণিতপুৰ, ওদালগুৰি, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ মেত্ৰ, দক্ষিণ শালমৰা, মানকাছাৰ, নগাঁও, হোজাই, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, যোৰহাট , মাজুলী, লক্ষিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে । কামৰূপ জিলা প্ৰশাসনে টোল ফ্ৰী হেল্প লাইন নম্বৰ মুকলি কৰিছে । নম্বৰ কেইটা হৈছে- ১০৭০, ১০৭৭ আৰু ১০৭৯।

উল্লেখযোগ্য যে নলবাৰীল পৰা যোৱা তীৰ্থ যাত্ৰী সকলক বৰ্তমান পুৰীৰ পৰা কলকাতালৈ নিয়া হৈছে আৰু অসম চৰকাৰে তেওঁলোকক অসমলৈ আনিবলৈ ব্যবস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে । ১৮ জন তীৰ্থ যাত্ৰীৰ ভিতৰত ২ জন বাইহাতা চাৰিআলিৰ ইতিমধ্যে কলকাতাত উপস্থিত হৈছে । তেওঁলোকৰ অসম চৰকাৰে অসমলৈ ওভতাই আনিবলৈ ব্যবস্থা কৰিছে। বাইহাতা চাৰিআলিৰ ১৬ জন তীৰ্থ যাত্ৰী বৰ্তমানেও পুৰীতে আবদ্ধ হৈ আছে। নিজৰ ইচ্ছাৰ মতে পুৰীত থকাৰ আশা ব্যক্ত কৰিছে বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com