ৰাভা দিৱস উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ সশ্ৰদ্ধ প্ৰণাম

ৰাভা দিৱস উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ সশ্ৰদ্ধ প্ৰণাম

আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫০ বছৰীয়া মৃত্যু বাৰ্ষিকী ৷ ইয়াৰ উপলক্ষে ৰাজ্য জুৰি পালন কৰা হৈছে ৰাভা দিৱস ৷ তুমি সুৱাস অসমীৰে,তুমি সুৱাস সৃষ্টিৰে, গতিকে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভালৈ ৰাভা দিৱস উপলক্ষে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ ৷ অসমীয়া সংস্কৃতিৰ পূজাৰী আৰু অসমৰ বিপ্লৱী শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত ৷

বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা আছিল আৰক্ষী বিভাগৰ বিষয়া। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা আৰম্ভ কৰি শেষত উচ্চ শিক্ষাৰ কাৰণে কলকাতালৈ যাত্ৰা কৰে বিষ্ণুপ্ৰসাদ ৰাভাই ৷ ইফালে বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ প্ৰাৰম্ভিক স্তৰত ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ ৰাভা আছিল এগৰাকী প্ৰসিদ্ধ স্বাধীনতা সেনানী ৷ ৰাভাৰ কাৰণে স্বাধীনতাৰ অৰ্থ কেৱল ব্ৰিট্টিছসকলৰ পৰা পোৱা স্বাধীনতা নাছিল ৷

বিষ্ণুপ্ৰসাদ আগৰৱালাৰ মতে স্বাধীনতাৰ অৰ্থ আছিল পুঁজিবাদৰ পৰা পোৱা স্বাধীনতা, দুৰ্বল আৰ্থিক অৱস্থাৰ পৰা জনতাক স্বাধীন কৰি, সমাজত সকলোকে আৰ্থিকভাৱে সবল কৰিব বিচাৰিছিল বিষ্ণুৰাভাই ৷ বিষ্ণুৰাভাৰ মন্তব্য অনুসৰি মানুহৰ প্ৰকৃত সংঘৰ্ষ আৰম্ভ হ’ল ১৯৪৭ চনৰ পিছতহে। বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ বিভিন্ন জনজাতিসকলৰ বিকাশৰ কাৰণে বিভিন্ন পন্থা হাতত লৈছিল ৷ ব্ৰিট্টিছ চৰকাৰৰ পৰা পোৱা ২৫০০ বিঘা ভূমি বিষ্ণুপ্ৰসাদ ৰাভাই কৃষকসকলক দান দিছিল ৷

কৃষকসকলৰ কাৰণে তেওঁৰ এটি প্ৰসিদ্ধ শ্ল’গান আছে যে হাল যাৰ মাটি তাৰ" ৷ অৰ্থাৎ যিসকল লোকে খেতি কৰে ৷ তেওঁলোকেই মাটিৰ অধীকাৰী হ’ব লাগিব ৷ বিষ্ণুপ্ৰসাদ ৰাভাৰ সমগ্ৰ জীৱনৰ জনসাধাৰণৰ সৰ্বতো প্ৰকাৰৰ উন্নতিৰ কাৰণে সমৰ্পিত হৈছিল ৷ তেওঁৰ কথন শৈলী আছিল জনসাধাৰণৰ হৃদয় চুই যোৱা ৷ তেওঁৰ ব্যক্তব্য শুনিবলৈ সভাঘৰ ভিৰ কৰিছিল শ্ৰোতাসকলে ৷ আজি বিশ্ব বিখ্যাত তেজপুৰ বিশ্ববিদ্যালয় বিষ্ণুপ্ৰসাদ ৰাভাই দান কৰা ভূমিৰ ওপৰতে নিৰ্মাণ কৰা হৈছে ৷

অন্যহাতে অসমীয়া সাহিত্য সংস্কৃতি গদ্য,পদ্য,গীত সকলোলৈ বহু বৰঙনিৰে সাহিত্যৰ ভৰাঁল চহকী কৰি থৈ গৈছে বিষ্ণুৰাভাই ৷ তেওঁৰ ৰচনা কৰা দুশৰো অধিক গীতসমূহক জনা যায় ৰাভা সংগীত নামেৰে ৷ তেখেত আছিল এগৰাকী প্ৰসিদ্ধ গায়ক। শ্ৰীমন্ত শংকৰ দেৱৰ বৰগীত শিকি বিষ্ণুৰাভাই বৰগীতক সাম্প্ৰতিক সময়ত আগবঢ়াই লৈ গৈছিল ৷ তেখেতৰ গীতসমূহত মাতৃ প্ৰেম,দেশ প্ৰেমৰ লগতে প্ৰকৃতি আদি বিভিন্ন বিষয় দেখিবলৈ পোৱা যায় ৷তেখেতৰ গীতসমূহ শিশুসকলৰ মাজত যথেষ্ট জনপ্ৰিয় ৷তাৰ ভিতৰত আছে সুৰৰে দেউলৰে,বিলতে হালিছে আদি ৷

তেখেতৰ চিৰ সেউজ ৰচনাসমূহৰ ভিতৰত আছে পৰজনমৰ শুভ লগনত,লগন উকলি গল,ৰৈ ৰৈ কেতেকী,আদি ৷ইয়াৰোপৰি বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী প্ৰসিদ্ধ অভিনেতা ৷ আনহাতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত বিষ্ণুৰাভা পুৰস্কাৰ প্ৰদান কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভা পুৰস্কাৰ ২০১৬ প্ৰদান কৰা হয় গিৰিশ চন্দ্ৰ বৰা আৰু কথক শিল্পী বিপুল দাসক। উল্লেখ্য যে অসমীয়া সাহিত্য সংস্কৃতিৰ ভৰাঁল চহকী কৰা তথা অসমৰ বিপ্লৱী গণ শিল্পীগৰাকীৰ মৃত্যু হয় ১৯৬৯ চনৰ ২০ জুনত ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com