Begin typing your search above and press return to search.

ৰাজ্যৰ কোনো মহাবিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণীঃশিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

ৰাজ্যৰ কোনো মহাবিদ্যালয়ত নাথাকিব উচ্চতৰ মাধ্যমিক শ্ৰেণীঃশিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2019 8:04 AM GMT

ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য কয় যে ২০২০ চনৰ পৰা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক অৰ্থাৎ একাদশ,দ্বাদশ শ্ৰেণী আঁতৰ কৰা হ’ব ৷ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত এই মন্তব্য কৰে শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই ৷ আগন্তুক বছৰৰ পৰা বিশ্ববিদ্যালয়ৰ অধীনত নাথাকিব উচ্চতৰ মাধ্যমিক পৰ্যায় ৷ শেষবাৰৰ কাৰণে চলিত বৰ্ষত বিশ্ববিদ্যালয়ৰ অধীনত থাকিব একাদশ আৰু দ্বাদশ শ্ৰেণী ৷

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি মন্ত্ৰী ভট্টাচাৰ্যই কয় যে বিশ্ববিদ্যালয়ৰ আধাৰত থকা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱৰ্তীণ হ’ব লাগে আৰু অসম উচ্চতৰ মাধ্যমিকৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰে ৷ লগতে সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগত আলোচনা আৰু তেওঁৰ পৰা এই সন্দৰ্ভত পৰামৰ্শ বিছাৰিম ।গতিকে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীক পঢ়াবৰ কাৰণে এইটো হৈছে অন্তিম বৰ্ষ।

পৰীক্ষা সংস্কাৰৰ ক্ষেত্ৰত নতুন চিন্তা প্ৰয়োগৰ প্ৰয়োজন আহিছে ৷পৰীক্ষা কেন্দ্ৰসমূহত যাতে কোনো পৰীক্ষাৰ্থীয়ে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে তাৰ কাৰণে আগন্তুক বৰ্ষৰ পৰা প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে অত্যাধুনিক প্ৰযুক্তি সম্পন্ন জেমাৰ সংস্থাপন কৰা হ’ব। উল্লেখ্য যে শিক্ষা সংসদৰ অধ্যক্ষ ড° দয়ানন্দ বৰগোহাঁইৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত সাম্প্ৰতিক দুটা স্তৰৰ শিক্ষা ধাৰা আৰু সংস্কাৰৰ প্ৰয়োজনীয়তা বিষয়ত বক্তৃতা প্ৰদান কৰে দিল্লীৰ ৰাষ্ট্ৰীয় শিক্ষা,পৰিকল্পনা আৰু প্ৰশাসনীয় প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নীলম সুদে।

গুৱাহাটীৰ বামুণীমৈদামস্থিত শিক্ষা সংসদৰ কাৰ্যালয়ত অনুষ্ঠিত এই বক্তৃতানুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ কলা,বিজ্ঞান আৰু বাণিজ্য শাখাত স্থান প্ৰাপ্ৰক মুঠ ৬২ গৰাকী মেধাৱী শিক্ষাৰ্থীলৈ স্বৰ্ণ পদক আগবঢ়োৱা হ’ব ৷ এই অনুষ্ঠানত স্বদেশ অধ্যয়ন নামৰ পুথিখনৰ লগতে সংসদৰ সচিব কমল গগৈয়ে লিখা আহোম দিনৰ মঠ মন্দিৰ বিষয়ক এখন গন্থ উন্মোচন কৰা হয়।

শিক্ষা বিভাগে চলিত বৰ্ষৰ ছেপ্তেম্বৰত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে টেট পৰীক্ষা অনুষ্ঠিত কৰিব ৷ শিক্ষা বিভাগৰ অধিনিয়ম অনুসৰি শিক্ষা বিষয়াৰ লগত জৰিত শিক্ষকসকলক নিযুক্তি লাভ কৰাৰৰ কাৰণে টেট পৰীক্ষা অনিবাৰ্য ৷ ইফালে ৰাজ্যত দ্বিতীয় বাৰৰ কাৰণে অনুষ্ঠিত হ’ব টেট পৰীক্ষা ৷

ইয়াৰ সাত বছৰৰ পূৰ্বতে ৰাজ্যত অনুষ্ঠিত হৈছিল টেট। শিক্ষকতা পদৰ কাৰণে অৰ্হতা থকা ব্যক্তিয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷উল্লেখ্য যে বৰ্তমান ৰাজ্যত নিম্ন আৰু উচ্চ বিভাগত ১৭,২৯৩ টা পদ খালী হৈ আছে ৷ ইয়াৰ ভিতৰত ১০,১৩৭ টা নিম্ন প্ৰাথমিক বিভাগত পদ খালী হৈ থকা বিপৰীতে ৭,১৫৫ টা উচ্চ প্ৰাথমিকৰ পদ খালী হৈ আছে।

অধিক খবৰৰ বাবে পঢ়ক: গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ সন্দৰ্ভত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া

Next Story
চাকৰি