Begin typing your search above and press return to search.

পজনান এথলেটিকছ গ্ৰেণ্ড প্ৰিস্ক ২০০ মিটাৰত স্বৰ্ণ পদক জয় হিমা দাসৰ

পজনান এথলেটিকছ গ্ৰেণ্ড প্ৰিস্ক ২০০ মিটাৰত স্বৰ্ণ পদক জয় হিমা দাসৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 July 2019 12:29 PM GMT

পুনৰ গৌৰব কঢ়িয়াই আনিবলৈ সক্ষম হৈছে স্বৰ্ণ কন্যা হিমা দাসে। পোলেণ্ডত পুনত পুনৰ স্বৰ্ণ পদক আজুৰি আনিছে হিমা দাসে। পোলেণ্ডত অনুষ্ঠিত ২০০ মিটাৰ পজনান এথলেটিকছ গ্ৰেণ্ড প্ৰিস্কত সোনৰ পদক লাভ কৰে হিমা দাসে। ভাৰতৰ আন এজন খেলুৱৈ তাজিন্দ্ৰ পল সিঙ তৰে ব্ৰঞ্জৰ পদক লাভ কৰে।

অসম কন্যা হিমা দাস বিশ্ব জুনিয়ৰ চেম্পিয়ন আৰু ৪০০ মিটাৰত ৰাষ্ট্ৰীয় পদক লাভ কৰা হিমা দাসে পিঠিৰ বিষ নেওচি মহিলাৰ ২০০ মিটাৰ ৰেচত সোনৰ পদক লাভ কৰিছে ।

হিমা দাসৰ ব্যক্তিগত সৰ্বোচ্চ স্কৰ ২৩.১০ ছেকেণ্ড । পোলেণ্ডত অনুষ্ঠিত ২০০ মিটাৰত হিমা দাসে ২৩.৬৫ ছেকেণ্ডত অতিক্ৰম কৰে।

এছিয়ান চেম্পিয়নশ্বিপ টুৰ্নামেণ্টত ভাৰতীয় খেলুৱৈ সকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।

পাটিয়ালাত অনুষ্ঠিত ফেডাৰেশ্যন কাপত ৫২,৮৮ ছেকেণ্ডত ৪০০ মিটাৰ অতিক্ৰম কৰি জয়ী হবলৈ সক্ষম হৈছিল হিমা দাস । দ্বিতীয় স্হানত ক্ষান্ত আছিল এম আৰ পুভাম্মা । কৰ্ণাটকা এম আৰ পুভাম্মাই ৫৩,১৫ ছেকেণ্ডত ৪০০মিটাৰ অতিৰিক্ত কৰি দ্বিতীয় স্থানত থাকে । আনহাতে গুজৰাটৰ শ্বাৰিটা বেনে ৫৩,২৩ ছেকেণ্ডত ৪০০মিটাৰ অতিৰিক্ত কৰি তৃতীয় স্থান দখল কৰে ।

ভাৰতৰ তাৰকা এথলীট অসম কন্যা হিমা দাসে আকৌ এবাৰ দেশলৈ কঢ়িয়াই আনিছে সন্মান। পিঠিৰ বিষ নেওচি মঙলবাৰে পজনান এথলেটিকছ গ্ৰাঁ প্ৰীত মহিলাৰ ২০০ মিটাৰ ৰেচত সোণৰ পদক জয় কৰিছে ধিং এক্সপ্ৰেছ খ্যাত হিমাই।

অধিক খবৰৰ বাবে পঢ়ক :উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা: প্ৰথম বিভাগত উত্তীৰ্ণ হিমা দাস

Next Story
চাকৰি