অসম কন্যা হিমা দাসৰ চেক গণৰাজ্যত তৃতীয়টো সোনৰ পদক অৰ্জন

অসম কন্যা হিমা দাসৰ চেক গণৰাজ্যত তৃতীয়টো সোনৰ পদক অৰ্জন

অসম কন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাসে শনিবাৰে চেক গণৰাজ্যৰ ক্লাদনো মেম’ৰিয়েল এথলিটিক্ছ মীটত আন্তৰাষ্ট্ৰীয়ভাৱে ২০০ মিটাৰ মহিলাৰ দৌৰত তৃতীয়টো সোনৰ পদক অৰ্জণ কৰে। এক বিশেষ তথ্য অনুসৰি দৌৰবিদ হিমা দাসে ২৩.৪৩ চেকেণ্ডত সোণৰ পদক অৰ্জন কৰে ৷

কিন্তু উল্লেখ্য বিষয় এয়ে যে হিমা দাসৰ কেৰিয়াৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আছিল ২৩.১০ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ প্ৰদৰ্শন কৰা ৷ ইফালে,বিগত দেওবাৰে পোলেণ্ডত কুটনো এথলেটিক্স মীটত মহিলাৰ ২০০ মিটাৰ দৌৰত আন্তৰাষ্ট্ৰীয় ভাৱে দ্বিতীয়টো সোণৰ পদক অৰ্জণ কৰে। অন্যহাতে কেৰালাৰ ভি কে বিস্মায়াই ২৪.০৬ ছেকেণ্ডত ৰূপৰ পদক লাভ কৰে।

ৰাষ্ট্ৰীয় পদক প্ৰাপ্ত মহম্মদ আনছে পুৰুষৰ ২০০ মিটাৰ দৌৰত ২১.১৮ ছেকেণ্ডত সোণৰ পদক লাভ কৰে ৷ একেৰাহে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিবলৈ সক্ষম হোৱা হিমা দাসে ৪ জুলাইত প’লেণ্ডত পজনান এথলেটিকছ গ্ৰাণ্ড প্ৰিক্সত বৰ্ষৰ প্ৰথমটো ২০০ মিটাৰ দৌৰত হিমাই সময় লৈছিল ২৩.৬৫ ছেকেণ্ড ৷

ইফালে বিস্ময়াই ২৩.৭৫ ছেকেণ্ডত ব্যক্তিগতভাৱে তৃতীয় স্থানত থাকে। ইয়াৰোপৰি বিপিন কাছানা,অভিষেক সিং,দেৱিন্দৰ সিঙে ক্লাদনোত ৮২.৫১ মিটাৰ,৭৭.৩২মিটাৰ আৰু ৭৬.৫৮ মিটাৰত ক্ৰমে শীৰ্ষ স্থান দখল কৰে। মহিলাৰ ৪০০ মিটাৰ দৌৰত ভি কে বিস্ময়াই ৫২.৩৭ ছেকেণ্ডত জয় লাভ কৰাৰ বিপৰীতে সৰিতাবেনে ৫৩.৩৭ ছেকেণ্ডত তৃতীয় স্থান দখল কৰে ৷

দ্বিতীয়টে কিৰ্গিস্তান আন্তৰাষ্ট্ৰীয় মেম’ৰিয়েল প্ৰতাযোগিতাত ভাৰতে ৬ টা সোণৰ পদক,৩ তিনিটা ৰূপৰ পদক আৰু ১ টা ব্ৰঞ্জৰ পদক লাভ কৰে ৷অন্যান্য বিজয়ীসকলৰ ভিতৰত আছিল ১০০ মিটাৰত অৰ্চনা,৪০০ মিটাৰত হৰ্ষ কুমাৰ,১৫০০ মিটাৰত লিলী দাস ৷

পাটিয়ালাত অনুষ্ঠিত ফেডাৰেশ্যন কাপত ৫২,৮৮ ছেকেণ্ডত ৪০০ মিটাৰ অতিক্ৰম কৰি জয়ী হবলৈ সক্ষম হৈছিল হিমা দাস । দ্বিতীয় স্হানত ক্ষান্ত আছিল এম আৰ পুভাম্মা । কৰ্ণাটকা এম আৰ পুভাম্মাই ৫৩,১৫ ছেকেণ্ডত ৪০০মিটাৰ অতিৰিক্ত কৰি দ্বিতীয় স্থানত থাকে । আনহাতে গুজৰাটৰ শ্বাৰিটা বেনে ৫৩,২৩ ছেকেণ্ডত ৪০০মিটাৰ অতিৰিক্ত কৰি তৃতীয় স্থান দখল কৰে ।

ভাৰতৰ তাৰকা এথলীট অসম কন্যা হিমা দাসে আকৌ এবাৰ দেশলৈ কঢ়িয়াই আনিছে সন্মান। পিঠিৰ বিষ নেওচি মঙলবাৰে পজনান এথলেটিকছ গ্ৰাঁ প্ৰীত মহিলাৰ ২০০ মিটাৰ ৰেচত সোণৰ পদক জয় কৰিছে ধিং এক্সপ্ৰেছ খ্যাত হিমাই।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com