Begin typing your search above and press return to search.

পি ডব্লিউ ডি অভিযন্তাৰ বদলিৰ বাবে ৩ বছৰ কাৰ্যকলাপ নিৰ্ধাৰণ হিমন্ত বিশ্ব শৰ্মাৰ

পি ডব্লিউ ডি অভিযন্তাৰ বদলিৰ বাবে ৩ বছৰ কাৰ্যকলাপ নিৰ্ধাৰণ হিমন্ত বিশ্ব শৰ্মাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2019 7:20 AM GMT

চেপ্তেম্বৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈকে অসমৰ ১২৬ টা সমষ্টি পৰিভ্ৰমণ কৰি পথৰ অবস্থাৰ বুজ লয় পি ডব্লিউ ডি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে । দেওবাৰে এই কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে । লগতে তেওঁ প্ৰকাশ কৰে যে পি ডব্লিউ ডি বিভাগটোৰ যিসকল অভিযন্তায়ে একেটা স্থানতে তিনি বছৰতকৈ অধিক কাল কাৰ্যনিৰ্বাহ কৰি আছে সেই সকলক সলনি কৰিবলৈ নিৰ্দেশ দিয়ে । ১৫ দিনৰ ভিতৰত সলনি হবলৈ সাজু হবলৈ কয় হিমন্ত বিশ্ব শৰ্মায়ে । প্ৰথম কাৰ্যকালত ৰাজ্যৰ পথ সমূহ মেৰামতিৰ বাবে ৩,৫০০ কোটি অনুমোদন লাভ কৰিছিল বুলিও প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ।

ডিছপুৰ পি ডব্লিউ ডি কাৰ্যালয়ৰ কনভেনঞ্চ হলত অনুষ্ঠিত মুকলি অনুষ্ঠানত উপস্থিত থাকি হিমন্ত বিশ্ব শৰ্মায়ে প্ৰকাশ কৰে যে এই অনুষ্ঠানত ১৭২ খন মহেন্দ্ৰ বলেচৰ অভিযন্তা সকলক প্ৰদান কৰাৰ লগতে বিভাগটোলৈ দুখন মোবাইল লেবৰটৰী ভেন প্ৰদান কৰা হয়।একোটা অঞ্চলতে তিনি বছৰতকৈ অধিক কাল কাৰ্যনিৰ্বাহ কৰিলে এই অঞ্চলটোৰ সৈতে বেলেগে এটা আবেগ গঢ় লৈ উঠে বুলি হিমন্ত বিশ্ব শৰ্মায়ে প্ৰকাশ কৰাৰ লগতে কয় যে সেয়েহে তিনি বছৰতকৈ অধিক সময় এটা অঞ্চলতে কাৰ্যনিৰ্বাহ কৰা সকলক বদলি কৰা হব । নিজৰ পছন্দৰ অঞ্চলত নিযুক্তিৰ বাবে এবাৰ পি ডব্লিউ ডিৰ অধক্ষ্যক আবেদন কৰিব পাৰিব । কিন্তু তেওঁ ব্যক্তিগত ভাৱে অভিযন্তা গৰাকীৰ শেষৰ তিনি বছৰৰ নিযুক্তি সন্দৰ্ভত চাব আৰু তাৰ পাছত সিন্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে।

সমগ্ৰ ৰাজ্যৰ পথৰ অবস্থাৰ ওপৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে মন্তব্য কৰে যে , " যেতিয়া লোকসভা নিৰ্বাচনৰ বাবে মই সমগ্ৰ ৰাজ্যত ৰোড শ্ব কৰিছিলো , পথৰ দুৰৱস্থাৰ প্ৰতক্ষ্য কৰিছিল । যেতিয়াই পথৰ মাজৰ ডাঙৰ গাতত ভৰি দিয়া হয় , সেই সময়ত পথ নিৰ্মাণৰ বাবে অনুমোদন জনোৱা ৩,৫০০ কোটি টকায়ে কি পৰিৱৰ্তন সাধিলে তাকে প্ৰশ্ন উত্থাপন হয়। সেয়েহে অভিযন্তা সকলক পথ সমূহ মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে কয় যে তেওঁ সমষ্টি সমূহত পুৱা ৮ বজাৰ পৰা ৬ বজালৈকে চাইকেলে যাব । এটা দিনত এটা সমষ্টিত চাইকেল চলাই পথৰ দুৰৱস্থাৰ বুজ লব বুলি প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি