আজি ১১ জুনঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১১ জুনঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৭৭৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ স্বাধীনতা পত্ৰত তৈয়াৰ কৰিবৰ কাৰণে সহমতি প্ৰদান কৰিছিল ৷

১৮৬৬ চনৰ আজিৰ দিনটোতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ স্থাপন কৰা হৈছে ৷

১৯২১ চনৰ আজিৰ দিনটোতে ব্ৰাজিলত মহিলাসকলে নিৰ্বাচনত ভোট দিয়াৰ অধিকাৰ লাভ কৰে।

১৯৩৫ চনৰ আজিৰ দিনটোতে এডবিন আমষ্ট্ৰঙে প্ৰথমবাৰ এফএম প্ৰচাৰণ কৰে ৷

১৯৪০ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ ইটালীয়ে কাষৰীয়া দেশৰ লগত যুদ্ধ কৰে ৷

১৯৪২ চনৰ আজিৰ দিনটোতে আমেৰিকা আৰু চোবিয়েত সংঘই দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত লেণ্ড লীজ চুক্তিত স্বাক্ষৰ কৰে।

১৯৪৩ চনৰ আজিৰ দিনটোতে বিট্টিছ সেনাই ভূমধ্যসাগৰত চিচলি দ্বীপৰ দক্ষিণত অৱস্থিত এক সৰু দ্বীপ পেন্টেলেৰিয়াত আক্ৰমণ কৰে ৷

১৯৬৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ ইচ্ছানুসৰি তেওঁৰ অস্থি সমগ্ৰ দেশলৈ হস্তান্তৰিত কৰে ৷

১৭৬০ চনৰ আজিৰ দিনটোতে নবাব হাইদৰ আলীৰ সৈতে বিট্ৰিছৰ যুদ্ধ হৈছিল ৷

১৯৭৭ চনৰ আজিৰ দিনটোতে ষষ্ঠ লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হয়।

২০০৮ চনৰ আজিৰ দিনটোতে দুৰ্নীতিৰ বিৰুদ্ধে জেললৈ যোৱা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হসীনা বাজেদ মুক্তি হৈছিল ৷

২০১২ চনৰ আজিৰ দিনটোতে আফগানিস্তানত হোৱা ভূমিকম্পত হোৱা ভূস্খলনত ৮০ জন লোকৰ মৃত্যু হয়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৮০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম সাংসদ সদস্য ৰেফিনৰ জন্ম হয় ৷

১৮৯৭ চনৰ আজিৰ দিনটোতে মহান স্বাধীনতা সংগ্ৰামী ৰাম প্ৰসাদ বিস্মিলৰ জন্ম হয় ।

১৯০৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিজ্ঞ আৰু পূৰ্ব লোকসভা অধ্যক্ষ এচ হেগড়েৰ জন্ম হৈছিল ৷

১৯১১ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিশ গীটাৰ বাদক গ্ৰেম ৰসেলৰ জন্ম হয়।

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

২০০০ চনৰ আজিৰ দিনটোতে শিক্ষাবিদ,ৰাজনীতিবিদ অজিত কুমাৰ শৰ্মাৰ মৃত্যু হয় ৷

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com