আজি ১২ জুন:চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১২ জুন:চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

আজি শিশু শ্ৰমিক বিৰোধী দিৱস ।

১৩৮১ চনৰ আজিৰ দিনটোতে ইংলেণ্ডত কৃষকসকলে বিদ্ৰোহ কৰিছিল।

১৮১২ চনৰ আজিৰ দিনটোতে নেপোলিয়ন বোনাৰ্পাটে ৰুছত আক্ৰমণ কৰে ৷

১৯৩৭ চনৰ আজিৰ দিনটোতে চোবিয়েত ইউনিয়নে আঠজন আৰ্মী লোকক হত্যা কৰে।

১৯৭৫ চনৰ আজিৰ দিনটোতে এলাহাবাদ উচ্চ ন্যায়ালয়ে তৎকালীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক নিৰ্বাচনৰ ক্ষেত্ৰত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰে ৷

১৮৯৭ চনৰ আজিৰ দিনটোতে অসমত ভূমিকম্পত চান্দডুবি জলাশয়ৰ সৃষ্টি হয় ।

১৯৬৯ চনৰ আজিৰ দিনটোতে কবি সাহিত্যিক পদ্মধৰ চলিহাৰ মৃত্য হয় ৷

১৯৯১ চনৰ আজিৰ দিনটোতে ছোভিয়েত যুক্তৰাষ্ট্ৰ ভংগ হয়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯২৯ চনৰ আজিৰ দিনটোতে জাৰ্মানৰ প্ৰসিদ্ধ লেখিকা এনী ফেঙ্কৰ জন্ম হয় ৷

১৯৩২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰত নাট্যমৰ নৰ্তকী তথা অভিনেত্ৰী পদ্মিনীৰ জন্ম হৈছে।

১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা দলৰ প্ৰসিদ্ধ ৰাজনীতিজ্ঞ নৰেন্দ্ৰ সিং তোমৰৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

২০১৭ চনৰ আজিৰ দিনটোতে জ্ঞানপীঠ পুৰস্কাৰেৰে সন্মানিত তেলেগু ভাষাৰ প্ৰখ্যাত কবি শ্ৰী নাৰায়ণ ৰেড্ডীৰ মৃত্যু হৈছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com