কিমান সুৰক্ষিত গুৱাহাটী মহানগৰীৰ পথসমূহ ? উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠক

কিমান সুৰক্ষিত গুৱাহাটী মহানগৰীৰ পথসমূহ ? উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠক

গুৱাহাটী মহানগৰীৰ পথসমূহ যাত্ৰাৰ কাৰণে কিমান সুৰক্ষিত? কাৰণ মহানগৰীত সততে বিভিন্ন পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাই ৷ এই ক্ষেত্ৰত যুৱকসকলৰ পৰিমাণ সকলোতকৈ বৃদ্ধি পাইছে ৷ অন্যহাতে, এই বিষয় সন্দৰ্ভত সোমবাৰে কামৰূপ জিলাৰ পথ সুৰক্ষা সমিটীয়ে উপায়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকৰ আয়োজন কৰে ৷

উল্লেখ্য যে মহানগৰ যান বাহন আৰক্ষীয়ে পথ দুৰ্ঘটনাৰ সংখ্যা সীমিত কৰিবৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত লৈছে ৷গুৱাহাটীত যান বাহনৰ ব্যৱস্থা সুচল কৰিবৰ কাৰণে কামৰূপ পৰিবহন বিভাগে চিটী বাছৰ কাৰণে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ নতুন নীতি নিৰ্দেশনাৰ জৰিয়তে মহানগৰীত যান বাহনে সৃষ্টি কৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত আৰু চিটী বাছসমূহৰ চলাচল সুচল হোৱাত সহায় কৰিব ৷ ইফালে যান বাহন বিভাগৰ ডি চি পি প্ৰশান্ত শইকীয়াৰ মত অনুসৰি চিটী বাছৰ কমিটীয়ে নতুন নীতি নিৰ্দেশনাসমূহ তৈয়াৰ কৰিছে।

ইফালে,বিভিন্নলোকে ন’ পাৰ্কিং স্থানত গাড়ী ৰখাই যান বাহনৰ নিয়ম উলংঘন কৰাটো যেন সম্প্ৰতি সাধাৰণ কথালৈ পৰিণত হৈছে ৷ আশ্চৰ্য্যজনক কথা এয়ে যে বিলাসী বাহনৰ গৰাকী, কিছুসংখ্যক লোকে গাড়ী ৰখোৱা ঠাইত নিজৰ বাহন নাৰাখি ন’পাৰ্কিং স্থানত বাহন ৰাখে ৷ এনেধৰণে অনিয়ন্ত্ৰিত ভাৱে য’তে ত’তে ৰাখি লোকসকলে যান বাহনৰ চলাচলৰ ক্ষেত্ৰত অৰাজকতাৰ সৃষ্টি কৰে ৷

কিছু সময়ত দেখা যায় যে বাহন সমূহক পথৰ দুয়ো কাষে ৰখাই থোৱা হয় ৷ যাৰ দ্বাৰা অন্যান্য যান বাহনৰ চলাচলৰ উপৰিও জনসাধাৰণৰো যথেষ্ট অসুবিধা হয়। ইফালে উলুবাৰী,ভঙাগড়,গণেশগুৰি আৰু ছয় মাইলত কিছুমান পাৰ্কিং স্থান আছে ৷ য’ত বাহনসমূহ ৰখালে ১০ টকাকৈ মূল্য দিব লগা হয় ৷

অন্যহাতে, ২০১৮ চনত ২৪৭ টা দুৰ্ঘটনাত বহুজনে প্ৰাণ ত্যাগ কৰাৰ কথা পোহৰলৈ আহিছে ৷ গতিকে ভৱিষ্যত প্ৰজন্মৰ জীৱন সম্পত্তি যাতে সুৰক্ষিত হৈ থাকে তাৰ কাৰণে সমাজৰ সকলো বৰ্গৰ লোক সজাগ হৈ পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷ আশ্চৰ্য্যজনক কথা এয়ে যে বিগত চাৰিটা বৰ্ষত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত ১১১২ টা কেছ দাখিল হৈছে ৷

উল্লেখযোগ্য যে বিগত চাৰি বছৰত ৪২২৬ টা দুৰ্ঘটনাৰ কেছ দাখিল হয় , আৰু ইয়াৰে ১০৩০ জনে দুৰ্ঘটনাত প্ৰাণত্যাগ কৰে ,১১১২ জনৰ মৃত্যু হয় আৰু আহত হয় ৩৪২২ জনৰ ৷ গতিকে পথৰ নিয়ম সমূহৰ লগতে যানবাহনৰ নিয়মসমূহ যথাযথ ৰূপে পালন কৰিলেই পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাব ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com