ল’ক-ডাউনৰ সময় কেনেদৰে অতিবাহিত কৰিছে ছানী লিয়নিয়ে ? কি ক’লে আবেদনময়ী অভিনেত্ৰীয়ে

ল’ক-ডাউনৰ সময় কেনেদৰে অতিবাহিত কৰিছে ছানী লিয়নিয়ে ? কি ক’লে আবেদনময়ী অভিনেত্ৰীয়ে

ল’ক-ডাউনৰ সময় কেনেদৰে অতিবাহিত কৰিছে ছানী লিয়নিয়ে ? কি ক’লে আবেদনময়ী অভিনেত্ৰীয়ে

ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা অভাৱনীয় সংকট প্ৰতিৰোধৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে দেশজোৰা তলাবন্ধ বা ল’ক-ডাউন ঘোষণা কৰিছে ৷ এই ল’ক-ডাউনৰ ফলত সকলো লোকেই নিজ নিজ ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰিছে ৷ ল’ক-ডাউন ঘোষিত হোৱাৰ প্ৰাক-মুহূৰ্তলৈ ব্যস্ততাৰে সময় অতিবাহিত কৰাজনেও যোৱা ২৪মাৰ্চৰ মাজনিশাৰ পৰা ঘৰৰ ভিতৰতে সময় অতিবাহিত কৰিছে ৷ ব্যস্ততাৰ মাজেৰে সময় পাৰ কৰা হিন্দী ছবিৰ অভিনেতা-অভিনেত্ৰীসকলেও স্ব-গৃহবন্দী জীৱন পাৰ কৰিছে ৷ এই ল’ক-ডাউনৰ সময়ছোৱা কেনেদৰে অতিবাহিত কৰিছে, সেই সন্দৰ্ভত আবেদনময়ী অভিনেত্ৰী ছানী লিয়নিয়ে কয় যে স্বামী-পুত্ৰ-কন্যা আৰু এগৰাকী আইতাকৰ সৈতে তেওঁ সময় পাৰ কৰিছে ৷ সম্প্ৰতি লিয়নীয়ে স্বামী ডেনিয়েল ৱেবাৰ, আইতাক আৰু তিনি পুত্ৰ-কন্যাৰ সৈতে স্ব-গৃহবন্দিত্বৰ সময় পাৰ কৰিছে ৷ ছানী এগৰাকী কন্যা আৰু দুজন পুত্ৰৰ মাতৃ ৷ ছানীৰ কন্যাৰ নাম হৈছে নিশা আৰু পুত্ৰদ্বয়ৰ নাম হৈছে নোৱা আৰু এছাৰ ৷ ল’ক-ডাউনৰ অভিজ্ঞতা সম্পৰ্কে তেওঁ কয়, “ মই কোনো ঘৰুৱা কাম-বন কৰা মানুহ ৰখা নাই ৷ মই আইতা , আমাৰ তিনি পুত্ৰ-কন্যা আৰু স্বামীৰ সৈতে সময় অতিবাহিত কৰিছো ৷ আমি আমাৰ জ্যেষ্ঠ তিনিজনৰ মাজত ঘৰুৱা কাম-কাজ ভগাই লৈছো ।" তিনি পুত্ৰ-কন্যা সন্দৰ্ভত তেওঁ কয়, “ আমাৰ তিনি পুত্ৰ-কন্যাৰ নিয়মীয়া ৰুটিন আছে ৷ ৰুটিন অনুসৰি সিহঁতে কাম কৰে ৷ নিশাই অনলাইনত স্কুলৰ পাঠ গ্ৰহণ কৰি আছে ৷ আমাৰ সন্তানে চিত্ৰ অংকণ কৰে আৰু শিল্প চৰ্চা কৰে ৷ এনেদৰে সিহঁতে সময় অতিবাহিত কৰিছে ৷"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com