Begin typing your search above and press return to search.

আপুনি পানী কেনেকৈ খাব,খাদ্য খোৱাৰ আগত নে পিছত ? পঢ়ক আমাৰ এই বিধি

আপুনি পানী কেনেকৈ খাব,খাদ্য খোৱাৰ আগত নে পিছত ? পঢ়ক আমাৰ এই বিধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jun 2019 1:48 PM GMT

আপুনি পানী কোন সময়ত আৰু কেনেদৰে খাব ? এই প্ৰশ্নই আমাৰ সকলোৰে মন খু-দুৱনিৰ সৃষ্টি কৰে ৷ কিন্তু আমি পানী খাবলৈ মন গ’লেই খাওঁ ৷ সেয়া আহাৰ খোৱাৰ পিছতেই হওক বা আগতেই হওঁক ৷ শৰীৰক পানী প্ৰয়োজন কিমান ৷সেয়া প্ৰত্যেক জন ব্যক্তিৰ কাৰণে পৃথক পৃথক । যিসকলৰ ব্যক্তি কিডনী সম্পৰ্কীয় ৰোগ থাকে ৷ তেওঁলোকে দিনটোৰ ভিতৰত দুই লিটাৰ পানীৰ আৱশ্যক। কিন্তু পানী খোৱাৰ বিভিন্ন নিয়ম আছে ৷

আমাৰ সু স্বাস্থ্যৰ কাৰণে এই নিয়মসমূহৰ ব্যৱহাৰ অত্যন্ত আৱশ্যক ৷পানী খোৱাৰ নিয়ম সমূহ হৈছে,আমি পিয়াস লাগিলেই পানী খাঁও ।সেয়া লাগিলে বহিয়েই হওঁক,শুৱেই হওক বা থিয় হয়েই হওঁক । কিন্তু আয়ুৰ্বেদ অনুসৰি পানী সদায় বহি খাব লাগে। থিয় হৈ পানী খোৱাটো শৰীৰৰ কাৰণে অপকাৰী। বহি পানী খালে আমাৰ শৰীৰৰ শিৰা উপসিৰাসমূহে কাম কৰিবলৈ সুবিধা পায় ৷ আমি কেতিয়াবা পিয়াস লাগিলে একে উশাহতে পানী খাঁও ৷কিন্তু পানী লাহে লাহে খাব লাগে ৷

কাৰণ আমি যেতিয়া খাদ্য বস্ত গ্ৰহণ কৰোঁ তেতিয়াও লাহে লাহে খাওঁ বা একেবাৰতে খাদ্যসমুহ গ্ৰহণ নকৰি অলপ অলপকৈ খাদ্য গ্ৰহণ কৰিব লাগে । উদাহৰণ স্বৰূপে,আধা লিটাৰ পানীক একেলগে খোৱাতকৈ এই পানীকে তিনিৰ পৰা চাৰিঘন্টাৰ ভিতৰত ৫ বা ৬ বাৰ খাব লাগে । এনেদৰে পানী খালে পেট ফুলা,গেছ আৰু হাইপাৰ টেনশ্যন আদিৰ পৰা মুক্ত হ’ব পাৰে। আমাৰ খাদ্য খোৱাৰ একেবাৰে আগত বা পিছতেই পানী খাব নালাগে ৷ খাদ্য খোৱাৰ পিছতে পানী খালে খাদ্য হজম নহয় ।

যদি এই অভ্যাস যদি বৰ্তি থাকে তেন্তে পেট ফুলাৰ ৰোগে দেখা দিব পাৰে ৷গতিকে পুৱাৰ আহাৰ ,দুপৰীয়া অথবা নিশাৰ আহাৰ খোৱাৰ ৪৫ মিনিটলৈকে আহাৰ যেন গ্ৰহণ নকৰে ৷ এনেদৰে খাদ্য খোৱাৰ ৩০ মিনিটৰ আগেয়ে পানী খাব লাগে ৷ বহু লোক আছে বা আমিও আমাৰ কৰ্মস্থলীত পানী বটলৰ দ্বাৰা ওপৰৰ খায় ৷ কিন্তু এনেকৈয়ে পানী খালে পাচন তন্ত্ৰৰ ক্ষতি হয়।

লগতে পানীৰ উপৰিও বতাহো পেটলৈ যায়। ইয়াৰ দ্বাৰা পাচন তন্ত্ৰৰ ক্ষতি হয় আৰু পেট ফুলাৰ সমস্যা হয় ।গতিকে পানী সদায় লাহে লাহে খাব লাগে। আমি গৰমত বাহিৰৰ পৰা আহি ৰেফ্ৰিজাৰেটৰ পৰা পানী খাবলৈ পালে ভাল পাওঁ। কিন্তু একেবাৰে ঠাণ্ডা পানীয়ে আমাৰ পাচন প্ৰণালীক ধ্বংস কৰে ৷ গতিকে এটা কোঠাৰ তাপমাত্ৰাত থকা পানীহে খাব লাগে ৷ পানীয়ে শৰীৰৰ মেটাবলিজমক বৃদ্ধি কৰি ওজনক নিয়ন্ত্ৰিত কৰে। লগতে তেজৰ চলাচলত সহায় কৰে পানীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

Next Story
চাকৰি