Begin typing your search above and press return to search.

একোচা সুন্দৰ আৰু চিকমিকিয়া চুলি পাবৰ কাৰণে কি কৰিব আপুনি?

একোচা সুন্দৰ আৰু চিকমিকিয়া চুলি পাবৰ কাৰণে কি কৰিব আপুনি?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jun 2019 12:48 PM GMT

আমি সকলোৱে একোচা সুস্থ আৰু চিকমিকাই থকা চুলি বিচাৰোঁ ৷কোৱা হয় যে চুলি সৰাৰ এটা ঋতু আছে ৷ অৰ্থাৎ শীতকালতকৈ গ্ৰীস্ম কালত চুলিৰ বহুত সমস্যাই দেখা দিয়ে ৷ কিন্তু কেৱল উত্তম চেম্পু লগাই থাকিলেও চুলিৰ নিউট্ৰিশ্যন সীমিত হোৱাৰ কাৰণে চুলিৰ বিভিন্ন সমস্যাই দেখা দিয়ে ৷যাৰ বিষয়ে আমি ভালকৈ মন নকৰোঁ ৷যদি আপুনিও এই অসুবিধা সমূহত ভূগি আছে তেন্তে ডক্ট’ৰ অথবা পাৰ্লাৰত গৈ বহু টকা খৰচ কৰি ট্টিটমেন্ট লোৱাৰ প্ৰাকমুহুৰ্তত এবাৰ ঘৰতে তৈয়াৰ কৰা মাস্ক ব্যৱহাৰ কৰিব পাৰে ৷ যিয়ে আপোনাৰ চুলিক গুৰিৰ পৰা শক্তিশালী কৰাৰ লগতে চুলিকোচা গুৰিৰ পৰা ঘন কৰিব ৷

কলৰ মাস্ক

কল আমাৰ স্বাস্থ্যৰ কাৰণে যথেষ্ট উপকাৰী ৷ সেয়া সকলোৰে জ্ঞাত ৷ কিন্তু কল আমাৰ চুলিৰ কাৰণেও অত্যন্ত উপকাৰী ৷ আপোনাৰ চুলি অনুসৰি এটা বা দুটা কল লৈ প্ৰথমতে ফেটি লওঁক ৷ ইয়াত অলপ মৌ অথবা নেমুৰ ৰস মিহলাই লওঁক ৷ আৰু চুলিৰ গুৰিৰ পৰা আগলৈকে লগাওঁক ৷ যি সকল যুৱতী,মহিলাৰ চুলি শুকান তেওঁলোকে চুলিত এই মাস্ক লগাব পাৰে ৷ এই মাস্ক লগোৱাৰ পিছত যেতিয়া শুকাব তেতিয়া চুলি খিনি উন্নত মানদণ্ডৰ চেম্পুৰে ধুই পেলাওক ৷

ভিনেগাৰ

ৰূক্ষ চুলিক পুনৰ চিকমিকনি আনিবলৈ ভিনেগাৰৰ ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ কাৰণে একাপ গৰম পানীত দুই চামুচ ভিনেগাৰ আৰু মৌ মিহলাব লাগে । আৰু ইয়াৰ পিছত আপুনি আপোনাৰ চুলিত এই উপকৰণ ব্যৱহাৰ কৰক ৷ আৰু ১৫-২০ মিনিট পিছত এই মাস্ক ধুই পেলাওঁক ৷আৰু ইয়াৰ পিছত ফলাফল আপুনি আপোনাৰ চুলিত নিজেই অনুভৱ কৰিব ৷

মেথী

মেথী আমি দালি অথবা ভাজিত দিবলৈ ব্যৱহাৰ কৰোঁ ৷কিন্তু মেথী খোৱাৰ উপৰিও চুলি সৰা হ্ৰাস কৰাটো যথেষ্ট গুৰুত্ব পূৰ্ণ ভূমিকা লয় ।মেথিক ৰাতিটো পানীত তিয়াই ৰাখিব লাগে । পুৱা ইয়াৰ পেষ্ট বনাই চুলিত লগাব লাগে ৷অতি কমেও প্ৰায় আধা ঘন্টা চুলিত লগাই ৰাখি ইয়াৰ পিচত ঠাণ্ডা পানীৰে ধুই দিব লাগে ৷ আৰু মেথি লগোৱাৰ ফলাত আপুনি লাভ কৰিব একোচা ঘন চিকমিকাই থকা চুলি ৷

বেচন,দৈ আৰু মৌৰ মাস্ক ৷

আপোনাৰ চুলি অনুযায়ী বেচন,দৈ আৰু মৌ লৈ চুলিত লগাওক ৷ এই মাস্ক এঘন্টা সময় ৰাখি পুনৰ চেম্পুৰে ধুই পেলাওঁক ৷

আমৰ সকলোৰে এটি প্ৰধান সমস্যা উফি ৷ উফিৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বিভিন্ন ধৰণৰ চেম্পু ব্যৱহাৰ কৰোঁ ৷কিন্তু ফলাফলহে ইমান লাভ নকৰো ৷কিন্তু আপুনি উফিৰ পৰা পৰিত্ৰাণ পাবলৈ দৈ,ভিনেগাৰ আৰু মৌ মিহলাই এটি মাস্ক লগাব পাৰে ৷ দৈ ত থকা লেক্টিক এচিডে আমাৰ স্কাল্পৰ পৰা উফি আঁতৰাই চুলিক শক্তিশালী কৰে।

চুলিৰ কাৰণে ষ্ট’বেৰীও যথেষ্ট উপযোগী ৷ষ্ট’বেৰী তৈলাক্ত চুলিৰ কাৰণে অত্যন্ত উপযোগী ৷যিয়ে চুলিৰ পৰা ওলোৱা অতিৰিক্ত তেলক নিয়ন্ত্ৰণ কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক: ঘৰতে থকা নিম গছজোপাৰ পৰা সৌন্দৰ্য্য চৰ্চা কৰক আপুনি

Next Story
চাকৰি