ক’ৰ’না মহামাৰীৰ সময়ত কেনেদৰে ম’বাইল ফোন ছেনিটাইজ কৰিব ?

ক’ৰ’না মহামাৰীৰ সময়ত কেনেদৰে ম’বাইল ফোন ছেনিটাইজ কৰিব ?
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, বিশ্বজুৰি মহামাৰীৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছ কিছুদিনৰ বাবে ম’বাইল ফোনটো জীয়াই থাকিব পাৰে। যিহেতু জৰুৰী সেৱাৰ সৈতে জড়িত বা জৰুৰী কামত ঘৰৰ পৰা বাহিৰলৈ মানুহ ওলাবলগীয়া হয়, গতিকে হাতত থকা ম’বাইল ফোনটো ছেনিটাইজ কৰা অত্যন্ত প্ৰয়োজন। কাৰণ আজিৰ দিনত প্ৰায় সকলোৱেই ম’বাইল ফোনটোৰ সৈতে বহু সময় পাৰ কৰে। কিন্তু ম’বাইল ফোনটো কিদৰে ছেনিটাইজ কৰিব ? এই সন্দৰ্ভত গুৱাহাটীস্থিত এগৰাকী মাইক্ৰোবায়োলজিষ্টে কয় যে ৰেক্টিফাইড স্পিৰিটৰ জড়িয়তে ম’বাইল ফোন ছেনিটাইজ কৰিব পাৰি। এনে ৰেক্টিফাইড স্পিৰিট ফাৰ্মাচীত কিনিবলৈ পোৱা যায়। মাইক্ৰোবায়োলজিষ্টগৰাকীৰ মতে, স্পিৰিটত ৭০শতাংশ এলকহল থাকে। এই এলকহলে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে। গতিকে সঘনে হাত ধোৱাৰ সমান্তৰালভাবে হাতত থকা ম’বাইল ফোনটোও ছেনিটাইজ কৰাৰ প্ৰয়োজন।অৱশ্যে ফোন ছেনিটাইজ কৰাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰা উচিত। কাৰণ কিঞ্চিত অসাৱধানতাই ফোনটো নষ্ট কৰিব পাৰে। সাৱধানতাৰ অংশৰূপে ফোনটো ছেনিটাইজ কৰাৰ সময়ত এটুকুৰা কঁপাহী কাপোৰত স্পিৰিট লৈ লাহে লাহে মোহাৰিব লাগে।
অন্য খবৰৰ বাবে পঢ়ক: ক’ৱিড-১৯ৰ তলাবন্ধঃ অসমত ব্যক্তিগত বিদ্যালয়ৰ মাছুল ৰেহাই
ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown