ভুল তথ্য আৰু উৰাবাতৰি কেনেকৈ বন্ধ কৰিব?

আমাৰ বৰ্তমান যুগটোৱেই হৈছে ছ’চিয়েল মিডিয়াৰ যুগ ৷আপুনি নিজৰ বন্ধু বা পৰিয়ালৰ মানুহ,যাৰ লগত বহুদিন ধৰি যোগাযোগ নাই,ছ’চিয়েল মেডিয়াৰ ৰ যোগেদি আজি সহজেই কথা পাতিব পাৰে ৷ ছ’চিয়েল মিডিয়াৰ যোগেদি আপুনি কিছুমান বাতৰি আৰু তথ্যও জানিব পাৰে ৷ কিন্তু ইয়াৰ কিছুমান পৰিনাম আছে ৷কেতিয়াবা কোনোবাই প্ৰকাশ কৰা কিছুমান আমোদজনক ঘটনা বা তথ্য ইন্টাৰনেটত বনজুইৰ দৰে বিয়পি যায় আৰু সমগ্ৰ বিশ্ব বাসীৰ চকুত ততালিকে ধৰা দিয়ে ৷
কিন্তু সেই তথ্য বা ঘটনাটো যদি মিছা হয়,ই হয়তো কাৰোবাৰ জীৱনো ধ্বংস কৰিব পাৰে ৷কোনোবা এটা প’ষ্ট,তথ্য বা ঘটনাৰ সত্যাসত্য নিৰুপন কৰাটো কঠিন কাম ৷ কেইটামান অসাধু অনুষ্ঠান উচ্চস্থানত থকা কেইজন ব্যক্তিৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বহুতো চেষ্টা চলাইছিল। গতিকে আমি সকলোৱে মিলিয়েই এক প্ৰচেষ্টা চলাব লাগিব। আৰু সকলো ভুল তথ্য আৰু উৰা বাতৰিৰ প্ৰচাৰ বন্ধ কৰিব লাগিব।
ইয়াৰ লগত সংগতি ৰাখি ছ’চিয়েল মিডিয়াৰ বিভিন্ন এপ্লিকেশ্যন যেনে টুইটাৰ,ফেচবুক আদিয়ে বিভিন্ন ধৰণৰ পৰিসংখ্যাৰ যোগেদি কিছুমান জানিবলগীয়া কথাৰ প্ৰচাৰ কৰিছে ৷ ইনষ্টাগ্ৰামে ইতিমধ্যে ইয়াত থকা একাউন্ট বোৰ সত্যতা নিৰূপন কৰি একাউন্টৰ কাষত ব্লু টিক দিয়াৰ পদক্ষেপ আৰম্ভ কৰিছে। ফেচবুকয়েও ইয়াত প্ৰকাশ কৰা প্ৰতিটো প’ষ্ট উন্নত আৰু এক নিৰ্দিষ্ট ৰূপ দিয়াৰ চেষ্টা কৰি আছে ৷তেওঁলোকে শিক্ষাজনিত প’ষ্টবোৰ খৰকতীয়াকৈ ৰাইজৰ ওচৰত পোৱাৰো ব্যৱস্থা কৰি আছে ৷
ফেচবুক ভুলতথ্য আৰু বাতৰি প্ৰচাৰ বন্ধ কৰাৰ কিছুমান তালিকা প্ৰস্তুত কৰিছে ৷
লোকসভা নিৰ্বাচন ২০১৯ ক ভুল তথ্য আৰু উৰা বাতৰিৰ পৰা দুৰত ৰাখিবলৈ ফেছবুকৰ পদক্ষেপ সমূহ
একবিংশ শতিকাৰ মানুহৰ জীৱনত ফেছবুক এটি অতি গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছে ৷মানুহক এনে এখন মঞ্চ আগবঢ়াই দিছে য’ত সকলোৱে নিজৰ মনৰ কথা বিনাদ্বিগ্ধাই আলোচনা কৰিব পাৰে। উদাহৰণ স্বৰূপে ৰাজনীতি ৷আজিকালি ফেচবুকত অসংখ্য ৰাজনৈতিক প’ষ্ট দেখিবলৈ পোৱা যায় ।আনকি মানুহে চৰকাৰৰ বিৰুদ্ধেও অনায়াসে নিজৰ মতামত দাঙি ধৰিছে ৷ এইয়া হৈছে ফেচবুকে আনি দিয়া সাহস আৰু স্বাধীনতা ৷
অধিক খবৰৰ বাবে পঢ়ক: আজি নীলোৎপল আৰু অভিজিৎ হত্যাকাণ্ডৰ এবছৰ: আজিও শাস্তি নাপালে দোষীয়ে