Begin typing your search above and press return to search.

২১ এপ্ৰিলৰ পৰা কাৰ্যালয় পুনৰ মুকলিঃ দিছপুৰে কেনেদৰে সুনিশ্চিত কৰিব কৰ্মচাৰীৰ উপস্থিতি

২১ এপ্ৰিলৰ পৰা কাৰ্যালয় পুনৰ মুকলিঃ দিছপুৰে কেনেদৰে সুনিশ্চিত কৰিব কৰ্মচাৰীৰ উপস্থিতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 April 2020 7:44 AM GMT

২১ এপ্ৰিলৰ পৰা কাৰ্যালয় পুনৰ মুকলিঃ দিছপুৰে কেনেদৰে সুনিশ্চিত কৰিব কৰ্মচাৰীৰ উপস্থিতি ? ৰাজ্য‌ চৰকাৰে অহা ২১ এপ্ৰিলৰ পৰা এক-তৃতীয়াংশ কৰ্মচাৰীৰ দ্বাৰা কাৰ্যালয় পৰিচালনা কৰিব । কিন্তু এই লকডাউনৰ সময়ত কৰ্মচাৰীসকল কাৰ্যালয়লৈ কেনেদৰে আহিব ? কাৰণ ৰঙিয়া , নলবাৰী আদি গুৱাহাটীৰ‌ বাহিৰৰ স্থানসমূহত সচিবালয়ৰ বহু কৰ্মচাৰীয়ে বাস কৰে। গুৱাহাটীত অৱস্থিত মুখ্য কাৰ্যালয়ৰ লগত আন কাৰ্যালয়ৰ স্থিতি পৃথক নহয় ।‌

চৰকাৰী সূত্ৰ অনুসৰি সম্প্ৰতি ৰাজ্যৰ ‌পৰিস্থিতি বহু উদ্বেগজনক ।‌ ৰাজ্যৰ সচিবালয়ৰ কৰ্মচাৰী যিসকল গুৱাহাটীৰ বাহিৰৰ পৰাই কাৰ্যলয় উপস্থিত হয় , চাকৰিৰ সেৱা বিধি নিয়ম অনুসৰি তেওঁলোকে গুৱাহাটী মুখ্য কাৰ্যালয়ত উপস্থিত থাকিব লাগিব । মুখ্য কাৰ্যালয়ৰ পৰা বাহিৰত থাকিব বাবে তেওঁলোকে সংশ্লিষ্ট কৰ্তৃত্বশীল বিষয়াৰ পৰা মুখ্য কাৰ্যালয়ৰ পৰা বাহিৰলৈ যোৱাৰ বাবে ছুটী ল'ব লাগিব । যদি তেওঁলোকে কাৰ্যালয়ত উপস্থিত হোৱাৰ বাবে গাড়ী-মটৰৰ প্ৰচলনৰ দাবী জনায়, তেন্তে ‌তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে তদন্ত কৰিব পাৰিব ।‌

গুৱাহাটীৰ লখৰা , মৰিগাঁও আদি অঞ্চলত বৃহৎসংখ্যক সচিবালয়ৰ কৰ্মচাৰী থাকে ।‌ লক-ডাউনৰ সময়ত তেওঁলোকে কেনেদৰে কাৰ্যালয়ত উপস্থিত হব ? সূত্ৰ অনুসৰি উপ-সচিব আৰু ততোধিক উচ্চ পদবীৰ বিষয়াসকলৰ উপস্থিতি অনিবাৰ্য।‌ এক তৃতীয়াংশ কৰ্মচাৰীৰ উপস্থিতি কেৱল উপ-সচিব পদৰ তলৰ কৰ্মচাৰীসকলৰ বাবেহে প্ৰযোজ্য।

এই সন্দৰ্ভত সদৌ‌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাই দা ছেন্টিনেলৰ আগত কয়, “ ' যদি লক-ডাউনৰ সময়চোৱাত চৰকাৰে পৰিবহন সুবিধা প্ৰদান কৰে তেন্তে তেওঁলোক কাৰ্যালয়ত উপস্থিত হবলৈ সাজু । বিষয়া , অধীক্ষক, সহায়ক , কম্পিউটাৰ অপাৰেটৰ আৰু অন্যৰ উপস্থিতি সুনিশ্চিত কৰিব লাগে যাতে কাৰ্যালয়ৰ কাম-কাজ সুচাৰুৰূপে পৰিচালিত হয় ।‌ বিভিন্ন জিলাত থকা কাৰ্যালয় স্থিতিও পৃথক নহয় " ।

মুখ্য কাৰ্যালয় এৰাৰ ছুটী অবিহনে এজন কৰ্মচাৰী কাৰ্যালয়ৰ বাহিৰত থাকিব নোৱাৰা সন্দৰ্ভত কলিতাই কয় যে সংকটৰ এই সময়ছোৱাত এক বৃন্দুত বৰ্তি থকাৰ বাবে কৰ্মচাৰীসকলক ইতিবাচক সহায় কৰা নাই । সমস্যাৰ সমাধান বিচৰাৰ বাবে সময়ৰ প্ৰয়োজন।

আনহাতে, চৰকাৰী সূত্ৰ অনুসৰি চৰকাৰে প্ৰথম পৰ্যায়ত কিছুমান প্ৰয়োজনীয় বিভাগ‌ যেনে গড়কাপ্টানী, জল‌সম্পদ , কৃষি , জলসিঞ্চন আদিৰ কাৰ্যালয় পুনৰ খুলিব পাৰে ।‌ বাকী প্ৰয়োজনীয় বিভাগসমূহ পিছত খুলিব ।

অন্য খবৰৰ বাবে পঢ়ক:ল’ক-ডাউনৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী কুমাৰাস্বামীৰ পুত্ৰৰ ৰাজকীয় বিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক: SEBA will declare Results of HSLC-High Madrasa within 30 days from repeal of lockdown

Next Story
চাকৰি