Begin typing your search above and press return to search.

স্বামীয়ে জুৱাত বাজি লগালে পত্নীক: জুৱাত হৰাৰ পিছত পত্নীক দলবদ্ধ ধৰ্ষণ জুৱাৰী বন্ধুৰ

স্বামীয়ে জুৱাত বাজি লগালে পত্নীক: জুৱাত হৰাৰ পিছত পত্নীক দলবদ্ধ ধৰ্ষণ জুৱাৰী বন্ধুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Aug 2019 1:25 PM GMT

এক চাঞ্চ্যলকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ জাউনপুৰত । জুৱাৰী কিমান তললৈ যাব পাৰে ? জুৱাত সকলো পইছা শেষ কৰাৰ পিছত বাজি লগালে পত্নীক । তাৰ পিছত জুৱাত হাৰি পত্নীক দলবদ্ধ ধৰ্ষণ কৰিবলৈ আগবঢ়াই দিয়ে বন্ধু জুৱাৰিৰ হাতত । এনে ঘটনাই প্ৰমাণ কৰিছে যে মানুহ কিমান পাশৱিক হব পাৰে। কিমান নিম্ন হব পাৰে মানুহৰ মানসিকতা ।

এজন জুৱাৰীয়ে জুৱা খেলত সকলো টকা শেষ হোৱাৰ পাছত বাজিত লগাই নিজ পত্নীক। কিন্তু জুৱাত হৰাৰ পিছত জুৱাৰি জনৰ জুৱাৰি বন্ধুৱে দলবদ্ধভাৱে ধৰ্ষক কৰে পত্নী গৰাকীক।

উল্লেখযোগ্য যে পত্নীয়ে আৰক্ষীৰ ওচৰত অভিযোগৰ দিছিল যদিও আৰক্ষীয়ে গোচৰ ৰুজু নকৰে পিছত ভুক্তভোগী মহিলাগৰাকী দ্বাৰস্থ হয় আদালতৰ। আদালতে বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰক্ষীক দলবদ্ধ বলাৎকাৰৰ গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়ে। লগতে আৰক্ষীক এজাহাৰ দাখিল কৰি তাৰ প্ৰতিলিপি আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, নিজৰ স্বামীৰ এনে কাণ্ডৰ পাছত পত্নীয়ে সম্পৰ্কীয়ৰ ঘৰলৈ যায় । স্বামীয়ে পিছত পত্নী গৰাকীৰ পিছে পিছে যায় আৰু ক্ষমা প্ৰাৰ্থনা কৰে , লগতে নিজৰ ভূলৰ কথাও স্বীকাৰ কৰে। তেতিয়া পত্নী গৰাকীয়ে ভাবিলে যে সঁচাকৈয়ে চাগে স্বামীয়ে ভূলৰ অনুসুচনা কৰিছে আৰু পুনৰ স্বামীৰ লগত যাবলৈ সিন্ধান্ত গ্ৰহণ কৰি যায়। কিন্তু তেওঁ যেতিয়া পুনৰ স্বামীৰ লগত গাড়ীত আহে । হঠাতে পুনৰ স্বামীয়ে গাড়ী খন ৰখাই পুনৰ জুৱাৰি বন্ধু পত্নীক ধৰ্ষণ কৰিবলৈ এৰি দিয়ে ।

এই জঘন্য ঘটনাটো সংঘটিত হৈছে জফৰাবাদত। ভুক্তভোগী মহিলাগৰাকীৰ স্বামী জুৱাৰ প্ৰতি আসক্ত আছিল। বন্ধুৰ সৈতে জুৱা খেলি পইচা শেষ হোৱাত নিজ পত্নীক বাজিত লগায় লোকজনে। আৰু বন্ধু যেতিয়া জুৱাত জিকিল, তাৰ পিছতে মহিলাগৰাকীক দলবদ্ধভাৱে বলাৎকাৰ কৰে। মহিলাগৰাকীয়ে আৰক্ষীক অভিযোগ দিয়াত গোচৰ ৰুজু কৰিবলৈ অমান্তি হয় আৰক্ষী। এতিয়া আদালতৰ নিৰ্দেশৰ পিছত মহিলাগৰাকীয়ে ন্যায় পোৱাৰ আশা কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক: অবিশ্বাশ্য : ৯৫ বছৰীয়া মৃত মহিলা উঠি বহিল, পুৱাৰ আহাৰ গ্ৰহন কৰিলে, পুনৰ মৃত্যু হয়

Next Story