Begin typing your search above and press return to search.

নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত মই দাড়ি নাকাটো- জুবিন গাৰ্গ

নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত মই দাড়ি নাকাটো- জুবিন গাৰ্গ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jan 2020 12:14 PM GMT

নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত মই দাড়ি নাকাটো- জুবিন গাৰ্গ । ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন দল সংগঠন, কলা কুশলী, শিল্পী সমাজেও অংশ গ্ৰহণ কৰিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত।

অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে । আজি সংবাদ মাধ্যমৰ আগত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কয় যে নাগৰিকত্ব সংশোধনী আইন যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে তেওঁ দাড়ি নাকাটে ।

তেওঁ কয় যে, " দাড়ি বোৰৰ ৰং সলনি হ'ব ধৰিছে , বুঢ়া হৈছো তো আৰু মই এতিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰি আছো । কিন্তু মই সিদ্ধান্ত গ্ৰহণ কৰিছো যে নাগৰিকত্ব সংশোধনী আইন বাতিল হলেহে মই দাড়ি কাটিম " ।

তেওঁ জনসাধাৰণক একগোট হৈ থাকিবলৈ আহ্বান জনায় আৰু কয় যে মানুহৰ ভাৱনাক টকা পইচাৰে কিনিব নোৱাৰি।

জুবিন গাৰ্গে ইয়াৰ পূৰ্বে ও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৈছিল যে তেওঁ মৰি যাব কিন্তু এই আইন মানি নলয়।

গুৱাহাটী অৱস্থিত চানমাৰীত এক বিৰোধ প্ৰদৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰ আৰু বিজেপি নেতৃত্বাধীন চৰকাৰ খনক উদ্দেশ্য কৰি তেওঁ কয় যে চৰকাৰে অসমৰ জনসাধাৰণৰ দুখ বুজিব লাগে ।

জুবিন গাৰ্গে কয় যে, " মই মৰি যাম কিন্তু নাগৰিকত্ব সংশোধনী আইন মানি নলও । চৰকাৰে অসমৰ জনসাধাৰণৰ দুখ বুজাৰ সলনি শিশু সকলক মাৰি আছে "।

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ দ্বাৰা ধৰ্মীয় নিৰ্যাতনৰ সন্মুখীন হোৱা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু, খ্ৰীষ্টান, শিখ, পাৰ্চী জৈন ধৰ্মৰ লোক সকলক নাগৰিকত্ব প্ৰদান কৰিব। লগতে এই আইন খনৰ বাবে ভিত্তি বৰ্ষ হিচাপে নিৰ্ধাৰণ কৰা হৈছে ২০১৪ চনৰ ৩১ ডিচেম্বৰ।

অন্য খবৰৰ বাবে পঢ়ক : গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে মহিলা সকলৰ প্ৰতিবাদ

ভিডিঅ প্ৰতক্ষ্য কৰক: Minister of State for Education Smt. Vibhavariben Dave addresses Academia in Guwahati.

Next Story
চাকৰি