ভাৰতীয় মেডিকেল এচচিয়েছনে আইন প্ৰনয়ন কৰিবলৈ দিছপুৰক দাবী জনাইছে

ভাৰতীয় মেডিকেল এচচিয়েছনে আইন প্ৰনয়ন কৰিবলৈ দিছপুৰক দাবী জনাইছে

সমগ্ৰ দেশতে চিকিৎসক সকলে প্ৰতিবাদ অব্যাহত ৰখাৰ পাছত ভাৰতীয় মেডিকেল এচচিয়েছনে দিছপুৰক চিকিৎসকৰ সুৰক্ষাৰ কাৰনে দাবী উত্থাপন কৰিছে। ২০১১ চনৰ, "Assam medical service persons & institutions prevention of violence and Damage to properties act" ৰ অধিনত আইন কাৰ্যকাৰী কৰিবলৈ প্ৰকাশ কৰিছে ।

ভাৰতীয় মেডিকেল এচচিয়েছনৰ ৰাষ্ট্ৰীয় সভাপতি ডঃ শান্তনু চেনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক চিকিৎসক সকলক সুৰক্ষা আইন খন ৰূপায়ণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰে ।

২০১১ চনৰ " Assam medicare service person & institutions prevention of violence and Damage to properties act " অধিনত চিকিৎসক আৰু চিকিৎসালয়ৰ কৰ্মী আক্ৰমণ আৰু অপদস্থ কৰাৰ বাবে ন'ন বেইলেবল আৰু জৰিমনা ভৰিব লাগিব ।

আই এম এয়ে অসম শাখায়ে প্ৰকাশ কৰিছে যে, চিকিৎসকৰ সুৰক্ষা বাবে এক্ট খন ৰূপায়ণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে দিছপুৰলৈ । লগতে এই এক্টৰ খনৰ উপৰত জনসাধাৰণৰ সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনাইছে ।পশ্চিম বংগত চিকিৎসকৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক তীব্ৰ সমালোচনা কৰে ।

পশ্চিম বংগত চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনাৰ পিছত তেওঁলোকৰ নিৰাপত্তাৰ বাবে আইন প্ৰণয়নৰ দাবী উঠিছে। সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকললৈ পত্ৰযোগে চিকিৎসকৰ নিৰাপত্তাৰ বাবে আইন প্ৰণয়ন কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পূৰ্বে কোৱা হৈছিল যে চিকিৎসকসকলৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় আইনৰ খচৰা প্ৰস্তুত কৰাৰ বিষয়টো চৰকাৰে পৰ্যালোচনা কৰিব। পত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০১৭ত ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে মন্ত্ৰণালয়ক দিয়া এখন আইনৰ খচৰাও সংলগ্ন কৰি প্ৰেৰণ কৰা হৈছে।

মেডিকেল ছাৰ্ভিচ পাৰ্ছনছ আৰু মেডিকেল ছাৰ্ভিচ ইনষ্টিটিউচন আইন, ২০১৭ৰ খচৰাত চিকিৎসকৰ বিৰুদ্ধে হিংসাত্মক ঘটনাৰ বাবে ১০ বছৰৰ জে’ল আৰু ৫ লাখ টকাপৰ্যন্ত জৰিমনাৰ শাস্তি উল্লেখ আছে।২০১৭ চনত IMAই স্বাস্থ্য মন্ত্ৰণালয়ক দাখিল কৰা খচৰা আইনত চিকিৎসকৰ সুৰক্ষাৰ বাবে এখন কেন্দ্ৰীয় আইনৰ দাবী জনাইছিল। কলকাতাত এন আৰ এছ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ঘটনাৰ পিছত ইয়াক পুনৰ উত্থাপন কৰা হৈছে। যদিহে এই আইন বলৱৎ হয় তেন্তে চিকিৎসকৰ ওপৰত আক্ৰমণ কৰাসকল সন্মুখীন হ’ব কঠোৰ শাস্তিৰ।

সোমবাৰে দেশজুৰি বন্ধ থাকে হাস্পতাল। পশ্চিম বংগত চিকিৎসকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতাৰে সোমবাৰে পুৱা ৬ বজাৰ পৰা মঙলবাৰৰ পুৱা ৬ বজালৈ কৰ্মবিৰতি ঘোষণা কৰিছিল ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে। কলকাতাৰ নীল ৰত্ন চৰকাৰী মেডিকেল কলেজৰ পৰা আৰম্ভ হোৱা ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com