Begin typing your search above and press return to search.

বাংলাদেশ ভ্ৰমণৰ বাবে ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় চেক পইন্ট মুকলি

বাংলাদেশ ভ্ৰমণৰ বাবে ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় চেক পইন্ট মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2019 7:53 AM GMT

নেকাৰড' নামৰ এটা এন জি অৰ নিৰন্তৰ প্ৰচেষ্টাৰ পাছত বহু বছৰৰ মূৰত ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় চেক পইন্ট মুকলি কৰা হয়। বিশেষকৈ পৰ্যটক সকলৰ বাবে নদীয়েদি বাংলাদেশ ভ্ৰমণ কৰিবলৈ ধুবুৰীৰ চেক পইন্ট মুকলি কৰা হয় ।

ধুবুৰী জিলাৰ কাষ্ট'ম আৰু ইমিগ্ৰেচন চেক পইন্টৰ বিষয়ায়ে প্ৰকাশ কৰা মতে ১ মেত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় চেক পইন্ট । ইণ্ডো-বাংলাদেশৰ সীমান্তয়েদি নদীৰে ৬ জন বিদেশী পৰ্যটক আৰু ২ গৰাকী ভাৰতীয় নাগৰিকে বৈধ নথিপত্ৰ সহ বাংলাদেশ ভ্ৰমণ কৰে ।

বিষয়ায়ে প্ৰকাশ কৰা মতে নদী ভিত্তিক পৰ্যটনৰ বাবে ধুবুৰীৰ চেক পইন্ট মুকলি কৰাটো এক বৃহৎ পদক্ষেপ । বহু বছৰৰ পৰা চেষ্টা চলোৱাৰ পাছত ১ মেত মুকলি কৰা হয় চেক পইন্ট ।

The north east craft and rural development organisation( Necardo) নামৰ সংস্থাটো বহু বছৰৰ আগতে ধুবুৰীৰ বৰ্হিগমন চেক পইন্ট মুকলি কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক আবেদন কৰিছিল ।

নেকাৰড' ৰ পৰিচালক বিনয় ভট্টাচাৰ্যয়ে "A Journey of Development Activism in Indo-Bangla border " কিতাপখনত সীমান্ত অঞ্চলৰ সমস্যা আৰু সাম্ভাব্য সমূহৰ বিষয়ে উল্লেখ কৰিছিল |

ভট্টাচাৰ্যয়ে লগতে কয় যে এই চেক পইন্ট মুকলি হোৱাত কেৱল পৰ্যটনৰ ক্ষেত্ৰতে সহায় নকৰে লগতে দুখন দেশৰ ব্যৱসায়ৰ ক্ষেত্ৰতো সহায় কৰিব । নেকাৰড'য়ে লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত মেঘালয়ৰ দাউকি হাটৰ নিচিনাকৈয়ে সোনাহাট আন্তঃৰাষ্ট্ৰীয় ব্যবসায়িক কেন্দ্ৰ গঢ়ি তোলাৰ পোষকতা কৰে ।

পৰ্যটকৰ দলটোৱে ধুবুৰী জিলাৰ আশ্বাৰিকান্দী টেৰাকুটা গাঁও আৰু গুৰুদ্বাৰ শ্ৰী গুৰু বাহাদুৰ চাহেবজিৰ লগতে ধুবুৰীৰ বহু স্থানত ভ্ৰমণ কৰে । আৰক্ষীৰ সূত্ৰয়ে জনোৱা মতে দলটো ধুবুৰী জিলাৰ বিভিন্ন সাংস্কৃতিক স্থান সমূহ পৰিভ্ৰমণ কৰাৰ লগতে গুৱাহাটীৰ পাণ্ডু হৈ ধুবুৰীত উপস্থিত হয় ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি