Begin typing your search above and press return to search.

পাকিস্তানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব: ভাৰত

পাকিস্তানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব: ভাৰত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Jun 2019 1:30 PM GMT

শনিবাৰে ফাইনেনচিয়েল এক্সন টাস্ক ফ'ৰ্চ ৰূপায়ণৰ কাৰনে সকলো ছেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ কৰাৰ লগতে , সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু পাকিস্তানৰ মাটিৰ পৰা সন্ত্ৰাসবাদী বীজ সিচাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাকিস্তানক সকিয়াই দিছে ভাৰতে ।

FATF ৰ ৰিপোৰ্টৰ সম্পৰ্কত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবিচ কুমাৰে প্ৰকাশ কৰে যে, FATF য়ে সম্বলিত তথ্যৰ আধাৰত International cooperation review ৰ বাবে পাকিস্তানৰ সৈতে একেলগে কাম কৰিব বুলি প্ৰকাশ কৰে।

লগতে তেওঁ কয় যে , নিদিষ্ট সময়ৰ ভিতৰত FATF ৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানক কোৱা হয়।২০১৯ চনৰ চেপ্তেম্বৰৰ ভিতৰত এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰকাশ কৰা হৈছে । লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু সন্ত্ৰাসবাদীক আৰ্থ যোগান ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ কোৱা হয় বুলি মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰে ।

FATF ৰ পেৰিছ ভিত্তিক আন্তঃৰাষ্ট্ৰীয় বদীয়ে সন্ত্ৰাসবাদক অৰ্থ যোগান আৰু ধন যোগান বন্ধ কৰাৰ ক্ষেত্ৰত কাম কৰি আছে। লগতে পাকিস্তানক পুনৰ দেশ খনত থকা লস্কৰী-ই-তৈৱা , জেইছ-ই-মহম্মদৰ আদিৰ দৰে সন্ত্ৰাসবাদী সংগঠন সমূহক নিষিদ্ধ কৰিবলৈ কয় ।

বিগত বৰ্ষৰ জুন মাহত FATF য়ে পাকিস্তানক গ্ৰে তালিকাত নাম সন্নিবিষ্ট কৰিছিল। এই তালিকা খনত যি সমূহ দেশৰ কলা ধন ৰোধ কৰা আৰু সন্ত্ৰাসবাদক দমন কৰাৰ ক্ষেত্ৰত গৃহ আইন দুৰ্বল তেনে সমূহ দেশৰ নাম অন্তৰ্ভুক্ত কৰা হয় ।এই বৈঠকৰ পাছত FATF য়ে প্ৰকাশ কৰে যে, পাকিস্তানে নিৰ্ধাৰিত সময় জানুৱাৰীত এক্সন প্লেন সম্পূৰ্ণ কৰিবলৈ সক্ষম নোহোৱা লগতে মে মাহতো দিবলৈ সক্ষম নহয় । "

লগতে ফাইনেনচিয়েল এক্সন টাস্ক ফ'ৰ্চ ৰূপায়ণৰ কাৰনে সকলো ছেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ কৰাৰ লগতে , সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু পাকিস্তানৰ মাটিৰ পৰা সন্ত্ৰাসবাদী বীজ সিচাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাকিস্তানক সকিয়াই দিছে ভাৰতে ।

সেয়েহে সময়ত এক্সন প্লেন সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে পাকিস্তানক ।নহলে , FATF বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়নি দিয়ে|

পাকিস্তানে AML/CFT ৰ উন্নয়নৰ ক্ষেত্ৰত কেবাটাও পদক্ষেপ গ্ৰহণ কৰিছে । FATF ৰ সকিয়নিৰ পাছতে পাকিস্তানে প্ৰকাশ কৰে যে গ্ৰে তালিকাৰ পৰা আতৰিবলৈ আৰু FATF ৰ এক্সন প্লেনৰ কাৰণে প্ৰয়োজনীয় সকলো খিনি ৰূপায়ণ কৰা হব বুলি প্ৰকাশ কৰে।

অন্য খবৰৰ বাবে পঢ়ক:পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব: জি জিংপিঙক কলে নৰেন্দ্ৰ মোদীয়ে

Next Story
চাকৰি