ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে জম্বু কাশ্মীৰৰ সন্দৰ্ভত প্ৰকাশ কৰা তথ্যক ভাৰতৰ সমালোচনা

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে জম্বু কাশ্মীৰৰ সন্দৰ্ভত প্ৰকাশ কৰা তথ্যক ভাৰতৰ সমালোচনা
Published on

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চ আয়ুক্তয়ে প্ৰকাশ কৰা তথ্যক ভাৰতে তীব্ৰ সমালোচনা কৰে । জম্বু কাশ্মীৰৰ সন্দৰ্ভত প্ৰকাশ কৰা তথ্যক ভাৰতে তীব্ৰ বিৰোধিতা কৰিছে । ৰাষ্ট্ৰসংঘৰ তথ্যক "ভুৱা আৰু প্ৰৰোচিত " বুলি প্ৰকাশ কৰাৰ লগতে এই ৰিপোৰ্টত বহুতো গুৰুত্বপূৰ্ণ সমস্যা যেনে সীমান্তত পাকিস্তানী সন্ত্ৰাসবাদী সন্ত্ৰাসৰ দৰে সমস্যাৰ গুৰুত্ব দিয়া নাই বুলি প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চ আয়ুক্ত (UN High Commissioner for Human Rights, ORCHR) য়ে যোৱা বছৰ এই ৰিপোৰ্ট প্ৰকাশ কৰিছিল । এই ৰাষ্ট্ৰসংঘৰ কাশ্মীৰৰ সন্দৰ্ভত প্ৰথমটো ৰিপোৰ্ট ,যত উল্লেখ কৰা হৈছে, কাশ্মীৰত উত্থাপিত সমস্যা সমূহ ভাৰত অথবা পাকিস্তানে এখনো দেশও গুৰুত্ব নিদিয়ে ।" ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে জম্বু কাশ্মীৰৰ সন্দৰ্ভত প্ৰকাশ কৰা তথ্যক ভাৰতৰ সমালোচনা কৰে|

এই ৰিপোৰ্টৰ বিৰুদ্ধে ভাৰতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে । বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰাবিশ কুমাৰে প্ৰকাশ কৰে যে, " OHCHR ৰ শেহতীয়া ৰিপোৰ্টতো পূৰ্বৰ ভূৱা আৰু প্ৰৰোচিত বাখ্যায়ে পুনৰ বাৰ কৰা হৈছে । জম্বু আৰু কাশ্মীৰৰ সন্দৰ্ভত এই ভূৱা ৰিপোৰ্ট দিয়াত তীব্ৰ ক্ষোভ ব্যক্ত কৰে ভাৰতে।

লগতে কোৱা হৈছে যে এই ৰিপোৰ্টে ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক সততা উলংঘা কৰিছে । লগতে কোৱা হৈছিল যে এই ৰিপোৰ্টত দেশে সীমান্তৰ সন্ত্ৰাসবাদৰ সমস্যাক আওকাণ কৰিছে ।

ৰাবিশ কুমাৰে প্ৰকাশ কৰে যে ৰাষ্ট্ৰসংঘৰ মানব অধিকাৰ আয়োগৰ উচ্চ আয়ুক্তয়ে প্ৰকাশ কৰা এই ভুৱা ৰিপোৰ্টক ভাৰতে তীব্ৰ বিৰোধিতা কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com