Begin typing your search above and press return to search.

ভাৰত আৰু আমেৰিকায়ে বন্ধু হিচাপে সমস্যা সমূহ সমাধান কৰিব

ভাৰত আৰু আমেৰিকায়ে বন্ধু হিচাপে সমস্যা সমূহ সমাধান কৰিব

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2019 7:10 AM GMT

সন্ত্ৰাসবাদৰ বিৰুদ্ধে লগতে প্ৰতিৰক্ষা , দুয়োখন দেশ শক্তি আৰু S-400 মিছাইল প্ৰতিৰক্ষা ব্যবস্থা আদিৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকায়ে বন্ধু ৰাষ্ট্ৰ হিচাপে কাম কৰিব বুলি প্ৰকাশ কৰে ।ভাৰতৰ বৈদেশিক মন্ত্ৰী এচ জয়শংকৰ আৰু আমেৰিকাৰ ৰাজ্যিক সচিব মাইকেল পম্পয়ে'ৰ মাজত আলোচনা অনুষ্ঠিত হয়।

দুয়োখন দেশৰ নেতায়ে ভাৰতে ৰাছিয়াৰ সৈতে কৰা ৫ টা S -400 মিছাইল প্ৰতিৰক্ষা ব্যবস্থা ক্ষেত্ৰত আলোচনা কৰে । যি চুক্তি আমেৰিকাই বাতিল কৰিব বিচাৰিছে । জয়শংকৰে পম্পয়ক স্পষ্ট ভাবে প্ৰকাশ কৰে মোদী চৰকাৰে দেশৰ স্বাৰ্থত সিন্ধান্ত গ্ৰহণ কৰিব।

ভাৰতৰ বৈদেশিক মন্ত্ৰী এচ জয়শংকৰ আৰু আমেৰিকাৰ ৰাজ্যিক সচিব পম্পয়ৰ মাজত S-400 ৰ সম্পৰ্কত আলোচনা হয়। মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণৰ পাছত প্ৰথম বাৰৰ বাবে দুয়োখন দেশৰ মাজত আলোচনা কৰা হয়। জাপানৰ অচাকাত অনুষ্ঠিত হব লগীয়া G-20 সন্মিলনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰামৰ মাজত বৈঠক অনুস্থিত হোৱাৰ কথাও প্ৰকাশ কৰে।

জয়শংকৰ আৰু পম্পয়ৰ মাজত হোৱা আলোচনাৰ পিছত পম্পয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, দুয়োখন দেশৰ মাজত হোৱা দিপাক্ষিক চুক্তি ৰ সন্দৰ্ভত আলোচনা হৈছে । ইতিহাসৰ বিৱৰণ দি তেওঁ কয় যে , দুয়োখন দেশে একেলগে কাম কৰিব , কেৱল দিপাক্ষিক চুক্তিৰ বাবে নহয় কিন্তু বন্ধু হিচাপে এখনে আন খন দেশক সহায় কৰিব ।

লগতে কয় যে, ভাৰত -আমেৰিকাৰ সম্পৰ্ক এটা নতুন দিশ লাভ কৰিছে । দুয়োখন দেশে প্ৰতিৰক্ষাকে ধৰি , শক্তি , মহাকাশ আৰু ইণ্ডো পেচিফিক কাৰনত কাম কৰিছে বুলিও প্ৰকাশ কৰে।S-400 ৰ সম্পৰ্কত পম্পয়ে' কয় যে এই বিষয়ত আলোচনা কৰা হৈছে জয়শংকৰৰ লগত । "আমি দুয়োখন দেশে বন্ধু আৰু আমি একেলগে কাম কৰিম বুলি প্ৰকাশ কৰে ।

লগতে তেওঁ প্ৰকাশ কৰে যে, দুয়োখন দেশৰ আলোচনায়ে বন্ধুত্ব অধিক শক্তিশালী কৰে আৰু আলোচনাৰ পাছতে সুপ্ৰভাৱ পৰিব বুলি কয় আৰু আমি একেলগে কাম কৰিম বুলি কয় ।এই বন্ধুত্ব সম্পৰ্কত অৰ্থনৈতিক দিশৰ লগতে আন দিশ সমূহতো যথেষ্ট সুযোগ আছে বুলি প্ৰকাশ কৰে । লগতে তেওঁ কয় যে, যেতিয়া ১.৭ বিলিয়ন লোকে একেলগে কাম কৰিব , তেতিয়া আমি ভাল কাম কৰিব পাৰিম বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰামৰ

Next Story
চাকৰি