অৰুণাচল প্ৰদেশত বৰফৰ মাজত আৱদ্ধ ১১১জন লোকক উদ্ধাৰ সেনাৰ

অৰুণাচল প্ৰদেশত বৰফৰ মাজত আৱদ্ধ ১১১জন লোকক উদ্ধাৰ সেনাৰ

অৰুণাচল প্ৰদেশত বৰফৰ মাজত আৱদ্ধ ১১১জন লোকক উদ্ধাৰ সেনাৰ

অৰুণাচল প্ৰদেশৰ সু-উচ্চ পাহাৰৰ ওপৰত বৰফৰ মাজত আৱদ্ধ হৈ পৰা শতাধিক সাধাৰণ লোকক ভাৰতীয় সেনাই উদ্ধাৰ কৰিছে।এই লোকসকল ভূ-পৃষ্ঠৰ পৰা ১৪হেজাৰ ফুট উচ্চতাত বৰফৰ মাজত অলপতে আৱদ্ধ হৈ পৰে। শূন্যৰ তলৰ কে’বা ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাত ছে লাত আৱদ্ধ হৈ পৰা এই লোকসকলৰ লগতে সেনাই বৰফত পোত যাবলৈ ধৰা ৭০খন গাড়ীও উদ্ধাৰ কৰে। এই কথা সদৰী কৰি ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে টুইটাৰত ফটোসহ উদ্ধাৰ অভিযানটোৰ বিষয়ে প্ৰকাশ কৰিছে। সেনাই প্ৰকাশ কৰা অনুসৰি যোৱা ২৯ ফেব্ৰুৱাৰীত এই উদ্ধাৰ অভিযান আৰম্ভ হয়। অভিযান এক মাৰ্চৰ পুৱালৈকে চলি থাকে। উদ্ধাৰ পোৱাৰ পাছত সেনাই প্ৰদৰ্শন কৰা এই মানবীয়তাক ভূয়সী প্ৰশংসা কৰিছে বৰফত আৱদ্ধ লোকসকলে। সেনাই উদ্ধাৰ নকৰাহেতেঁন তেওঁলোকৰ জীৱনৰ প্ৰতি শংকা সৃষ্টিৰ আশংকা আছিল। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত সেনাৰ এটা দলে বৰপেটা জিলাৰ এখন নৈত উটি যাবলৈ ধৰা এগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰিছিল। মহিলাগৰাকীয়ে পাটবাউসীত এখন দলঙৰ পৰা নৈত জাঁপ দিছিল।

ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে লগে লগে এই কথা সেনাক অৱগত কৰাত জাঠ ৰেজিমেণ্টৰ এটা দল ঘটনাস্থলীলৈ ততাতৈয়াকৈ ৰাওনা হয়। চুবেদাৰ ৰাম আৰু হাবিলদাৰ অশোক ভাস্কৰৰ নেতৃত্বত ঘটনাস্থীলত উপস্থিত হোৱা দলটোৱে কিঞ্চিতো সময় নষ্ট নকৰি নৈত জঁপিয়াই উটি যাবলৈ ধৰা মহিলাগৰাকীক তত্পৰাতাৰে উদ্ধাৰ কৰে। এনেধৰণে সেনাই কিছুদিন পূৰ্বে গোৱালপাৰাৰ ধূপধৰাত বহুসংখ্যক দুৰ্ঘটনাগ্ৰস্তক উদ্ধাৰ কৰি তেওঁলোকৰ প্ৰাণৰক্ষা কৰে।

তদুপৰি যোৱা বছৰৰ জুলাইত ৰাজ্যৰ একাংশ জিলাত বান দুৰ্গতক উদ্ধাৰত সেনাক নিয়োজিত কৰা হয়। বানে প্ৰবল ৰূপ ধৰা নলবাৰী জিলাত উচ্চ প্ৰশিক্ষিত তথা অত্যাধুনিক সা-সঁজুলি ব্যৱহাৰ কৰিব পৰা সেনাৰ দলক বানাক্ৰান্তক উদ্ধাৰ অভিযানত নিয়োগ কৰা হয়। এনে সেনাৰ দল জিলাখনৰ বালিতাৰা গাঁৱত উপস্থিত হৈ বানাক্ৰান্ত গাঁওবাসীক উদ্ধাৰ কৰে। পাগলাদিয়া নৈয়ে মথাউৰি খহাই নিয়াৰ ফলত এদিন মাজনিশা গাঁওবাসী জলবন্দী হৈ পৰিছিল। পাছত সেনাই অশেষ চেষ্টা চলাই গাঁওখনৰ ১৫০জন লোকক জলবন্দী অৱস্থাৰ পৰা নিৰাপদে উদ্ধাৰ কৰে। সেনাই উদ্ধাৰ কৰা এই লোকসকলৰ মাজত ৬০গৰাকী মহিলা আৰু বহুসংখ্যক শিশুও আছিল। এনেদৰে ভাৰতীয় সেনাই প্ৰয়োজনত মানৱ দৰদী সেৱা আগবঢ়াই আহিছে। কেৱল সেয়াই নহয়, অসমত বানৰ লেখীয়া দুৰ্যোগৰ সময়ত সেনাই অসামৰিক আৰু আৰক্ষী প্ৰশাসনক সহায় কৰি আহিছে।

ভিডিঅ প্ৰতক্ষ্য কৰক: Swearing-in Ceremony of Pallav Bhattacharyya as new Chairman of APSC held today

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com