Begin typing your search above and press return to search.

শীতৰ আগমণৰ প্ৰাকমুহুৰ্তত ৰেল বিভাগৰ যাত্ৰীলৈ এক বিশেষ সুবিধা

শীতৰ আগমণৰ প্ৰাকমুহুৰ্তত ৰেল বিভাগৰ যাত্ৰীলৈ এক বিশেষ সুবিধা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Nov 2019 12:12 PM GMT

সাম্প্ৰতিক সময়ত আমাৰ মাজলৈ শীতৰ আগমণ ঘটিছে৷সেয়েহে ভাৰতীয় ৰেল বিভাগে যাত্ৰীসকললৈ আগবঢ়াইছে এক বিশেষ সুবিধা ৷ কাৰণ শীতৰ সময়ত যাত্ৰা কৰিব লগা ট্ৰেইনে যদি এঘন্টা বা ডেৰ ঘন্টা পলমকৈ আহে তেন্তে বহু অসুবিধাৰ সন্মুখীন হয় যাত্ৰীসকল। সেয়েহে এতিয়াৰ পৰা যদি আপোনাৰ ট্ৰেইন এঘন্টা বা ডেৰ ঘন্টা পলম হয় তেন্তে ৰেল বিভাগৰ কৰ্তৃপক্ষই আপোনালৈ প্ৰেৰণ কৰিব এটি বিশেষ বাৰ্তা।

এই বাৰ্তাটোত ট্ৰেইনখন ক’ত অৰ্থাৎ কোন ঠাইত পাইছেহি এই সকলো তথ্য থকাৰ লগতে ষ্টেশ্যনত উপস্থিত হোৱাৰ সকলো তথ্য থাকিব ৷ অৰ্থাৎ আপুনি আৰু ট্ৰেইন পলম হোৱাৰ কাৰণে ষ্টেশ্যনত বহু সময় অপেক্ষা কৰি থাকিব নালাগে। ৰেল বিভাগৰ কৰ্তৃপক্ষৰ আপোনাক আপুনি উঠিব লগা ষ্টেশ্যনত ট্ৰেইন কেতিয়া আহি উপস্থিত হ’ব সেই বিষয়েও বাৰ্তা দিব ৷

উত্তৰ ৰেল বিভাগৰ মহাপ্ৰবন্ধক টীপি সিঙে কয় যে ১৫ ডিচেম্বৰৰ পিছত ভাৰতত কুঁৱলীৰ দিন আৰম্ভ হ’ব। গতিকে ইয়াৰ কাৰণে সম্পূৰ্ণ ৰূপে সাজু হৈছে ৰেল বিভাগ ৷লগতে ঘন কুঁৱলীত যাতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে এক বিশেষ ব্যৱস্থা আৰম্ভ কৰিছে। এই ব্যৱস্থাৰ দ্বাৰা দুৰ্ঘটনাৰ পৰিমাণ হ্ৰাস পাব। লগতে যি কোনো দুৰ্ঘটনাৰ সাৱধানতা সম্পৰ্কে আগজাননী দিব ৷উত্তৰ ৰেল বিভাগৰ মত অনুসৰি চলিত বৰ্ষত সময়মতে ৰেল চলাচলৰ ক্ষেত্ৰত প্ৰায় ১৫ শতাংশ উন্নত হৈছে ৷ গতিকে অনাগত সময়ত ইয়াৰ পৰিমাণ আৰু বৃদ্ধি হ’ব বুলি আশা কৰিছে ৷ কৰ্তৃপক্ষই ৷

অন্য খবৰৰ বাবে পঢ়ক: উত্তৰ পূব সীমান্ত ৰেলৱেৰ ( NRF )কৰ্মচাৰী সকলৰ শ্ৰমদান কাৰ্যসূচী

ভিডিঅ প্ৰতক্ষ্য কৰক:Pradhan Mantri Saubhagya Yojana’ brings no luck to these villagers in Kampur

Next Story
চাকৰি