উদ্যোগিক নীতি: বিনিয়োগকাৰী সকললৈ বিভিন্ন সুবিধা অসম চৰকাৰৰ

উদ্যোগিক নীতি: বিনিয়োগকাৰী সকললৈ বিভিন্ন সুবিধা অসম চৰকাৰৰ

ৰাজ্যৰ বিনিয়োগকাৰী সকলৰ বাবে বিভিন্ন সুবিধা ( Incentives, subsidies) ৰ ক্ষেত্ৰত উদ্যোগ আৰু বিনিয়োগ নীতি ২০১৯ অনুমোদন কৰে অসম কেবিনেটে ।

নতুন উদ্যোগ নীতিৰ মতে , অকল সেই উদ্যোগ কৰ প্ৰদানৰ সুবিধা লাভ কৰিব যিবোৰ কোম্পানীৰ ম্যাদ উকলি যোৱাৰ পিছতো উৎপাদন অব্যাহত থাকে। ২০১৯ চনৰ ১ ছেপ্তেম্বৰৰ পৰা এই নতুন নীতি কাৰ্য্যকৰী কৰা হব । ৫ বছৰলৈ এই নীতি প্ৰযোজ্য হব ।আছাম ষ্টেট ইণ্ডাষ্ট্ৰিয়েল প’লিছী ২০১৯ কো অনুমোদন জনায়। ইয়াৰ অধীনত বছৰেকত সৰ্বোচ্চ ৫০ লাখলৈকে ৫ বছৰৰ বাবে উদ্যোগসমূহে প্ৰতি ইউনিটত ২ টকাকৈ ৰাজসাহাৰ্য্য লাভ কৰিব ৷

ভূমি ক্ৰয়ৰ বাবে ২৫ লাখকৈ ১০০ শতাংশ ষ্টেম্প ডিউটীৰ ৰেহাই পাব উদ্যোগে ৷১০ লাখ টকাকৈ প্ৰযুক্তিগত হস্তান্তৰ হ’লে ৭৫ শতাংশ ৰাজসাহাৰ্য্য পাব উদ্যোগে ।৫ লাখ টকাৰ মূলধনৰ ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগে ৩০ শতাংশ ৰাজসাহাৰ্য্য লাভ কৰিব ৷কেবিনেটে এএনএনএ আঁচনিৰ অধীনত চাহ বাগানৰ লোকসকলক প্ৰতিমাহে ২ কেজিকৈ বিনামূলীয়া চেনী দিবৰ কাৰণে সিদ্ধান্ত লয় ৷গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০ টালৈ বৃদ্ধি ৷

কাউন্সিলৰৰ ন্যূনতম শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ,পঞ্চায়ত আৰু জিলা পৰিষদৰ পাৰিতোষিক বৃদ্ধি,উচ্চ শিক্ষাৰ ঋণৰ ক্ষেত্ৰত ৫০ হেজাৰ টকাৰ ৰাজসাহাৰ্য্য,চৰকাৰৰ পৰা সা সুবিধা লাভ কৰা উদ্যোগে সংশ্লিষ্ট উদ্যোগত নিযুক্তি দিয়াসকলৰ ৯০ শতাংশ হ’ব লাগিব থলুৱা,কেন্দ্ৰীয় লোকসেৱা আয়োগৰ আধাৰত অসম লোকসেৱা আয়োগৰ পৰীক্ষা,বৃহৎ চাহ বাগিচাৰ চাহপাতৰ উপ কৰ তিনি বছৰলৈ ৰেহাই,উদ্যোগীয়ে সৰ্বোচ্চ ৫০ লাখ টকাকৈ পাঁচবছৰৰ বাবে বিদ্যুতৰ প্ৰতিটো ইউনিটত দুটকাকৈ ৰাজসাহায্য,২০ লাখ টকাকৈ ৫০ শতাংশ জেনেৰেটিং ৰাজসাহায্য আদি।

আনহাতে গাঁও পঞ্চায়তৰ সদস্যৰ পাৰিতোষিক ১.৫০০ টকাৰ পৰা ২,০০০ টকালৈ,আঞ্চলিক পৰিষদৰ সদস্যৰ পাৰিতোষিক ২৫০০ টকাৰ পৰা ৩০০০ টকালৈ আৰু জিলা পৰিষদৰ সদস্যৰ পাৰাতোষিক ৩,৫০০ টকাৰ পৰা ৪০০০ টকালৈ বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ৷ গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ নূন্যতম শিক্ষাগত অৰ্হতা সাধাৰণ শ্ৰেণী লোকৰ বাবে স্নাতক আৰু এছ চি/এছ টি /অ’বিছি হ’লে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ’ব লাগিব ৷জলসম্পদ বিভাগৰ মথাউৰি নিৰ্মাণকে ধৰি অন্যান্য কাম কাজ ত্বৰান্বিত কৰাৰ বাবে ৮০ টা এছিষ্টেন্ট ইঞ্জিনিয়াৰ,৭৯ টা জুনিয়ৰ ইঞ্জিনিয়াৰক থ্ৰী এফত নিযুক্তি কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com