অমানৱীয় ঘটনা: কৰিমগঞ্জত কিশোৰীক ধৰ্ষণ সম্পৰ্কীয় ভাতৃৰ

অমানৱীয় ঘটনা: কৰিমগঞ্জত কিশোৰীক ধৰ্ষণ সম্পৰ্কীয় ভাতৃৰ

কৰিমগঞ্জত এক জঘন্য ঘটনা সংঘটিত হৈছে । এগৰাকী ৭ বছৰীয়া কিশোৰীক সম্পৰ্কীয় ভাতৃয়ে ধৰ্ষণ কৰা ঘটনা সংঘটিত হৈছে । কৰিমগঞ্জ জিলাত সংঘটিত এই ঘটনায়ে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।

ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ।সোমবাৰে কোৰ্টত হাজিৰ কৰোৱা হয় অভিযুক্তক ।

মোমায়েকৰ লৰায়ে ধৰ্ষনৰ কৰে সাত বছৰীয়া শিশু কন্যাক । আটক হোৱা যুৱকজনৰ নাম হৈছে আব্বাছ উদ্দিন । আব্বাছৰ ঘৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত চান্দখিৰাবস্তিৰ গীৰ্জাঘৰ অঞ্চলত । আনহাতে সাত বছৰীয়া শিশু কন্যাটি বৰ্তমান কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

ঘটনাৰ পিছত শিশুটিৰ পৰিয়ালৰ ফালৰ পৰা পাথাৰকান্দি আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰা হৈছে। আব্বাছ পলাতক আছিল যদিও অবশেষত মেঘালয়লৈ যোৱাৰ পথত কলকলিঘাট এলেকাৰ পৰা আব্বাছ'ক আৰক্ষীয়ে আটক কৰিছে । বৰ্তমানে আব্বাছ পাথাৰকান্দি আৰক্ষীৰ জিম্মাত আছে । সোমবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হয় । ভাৰতীয় দণ্ড বিধিৰ ৩৪০/১৯/৩৭৬ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com