গুৱাহাটীৰ এজন কবিলৈ আন্তঃৰাষ্ট্ৰীয় কবিতা পুৰস্কাৰ

গুৱাহাটী মহানগৰীৰ কবিলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান । সন্মানীয় ৰেৱেল আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ-২০১৯ ( Reuel International Prize) সন্মান লাভ কৰে গুৱাহাটীৰ কবি চেইখ মহম্মদ চাবাহ অল-অহমেদে । উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ উদীয়মান কবিলৈ এই সন্মান প্ৰদান কৰা হয়। শনিবাৰে নতুন দিল্লীৰ ভাৰতীয় প্ৰেছ ক্লাৱত অনুষ্ঠিত এক অনুষ্ঠানত আহমেদে এই সন্মান লাভ কৰে।
ৰেৱেল আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ সাহিত্যৰ ক্ষেত্ৰ খনৰ লগতে উচ্চ মানদণ্ডৰ লেখকক প্ৰদান কৰা হয়। ভাল লেখক সকলক উৎসাহিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে ।
২০১২ চনৰ পুচকাৰ্ট পুৰস্কাৰ নমিনি আৰু ৬ জন সদস্যৰ এজন ডঃ আমপাট বাৰগেছ কচিয়ে প্ৰকাশ কৰে যে, ৰেৱেল আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ভাল লেখক সকলক প্ৰদান কৰা হয়। উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ উদীয়মান কবিলৈ ৰেৱেল আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ-২০১৯ এই সন্মান প্ৰদান কৰা হয়।
" এই বছৰ এই সন্মান অসমৰ যুৱ কবিক প্ৰদান কৰা হৈছে । চাবাহ আহমেদৰ কবিতা ইটালিয়ান ভাষালৈ অনুবাদ কৰা হৈছে, লগতে আন্তঃৰাষ্ট্ৰীয় মেগাজিনত প্ৰকাশ পাইছে । ইটালি , কানাডা আদি দেশৰ মেগাজিনত চাবাহ আহমেদৰ কবিতা প্ৰকাশ পাইছে ।
চাবাহ আহমেদৰ ২ খন কবিতাৰ পুঁঠি আছে । এই পুঁঠি কেইখন বিখ্যাত কবি কেকি এন দাৰুৱালায়ে প্ৰসংশা কৰিছিল । চাবাহ আহমেদে গুৱাহাটীৰ পানবজাৰৰ ডন বস্ক'ত শিক্ষকতা কৰে । শনিবাৰে নতুন দিল্লীৰ ভাৰতীয় প্ৰেছ ক্লাৱত অনুষ্ঠিত এক অনুষ্ঠানত আহমেদে এই সন্মান লাভ কৰে।
অধিক খবৰৰ বাবে পঢ়ক: ৰীমা দাসলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান: Someone to watch বঁটা প্ৰদান অসম কন্যাক