Begin typing your search above and press return to search.

INX মেডিয়া গোচৰ: চি বি আই কোৰ্টে ইন্দ্ৰানী মুখাৰ্জীক ৰাজসাক্ষী হবলৈ অনুমতি দিয়ে

INX মেডিয়া গোচৰ: চি বি আই কোৰ্টে ইন্দ্ৰানী মুখাৰ্জীক ৰাজসাক্ষী হবলৈ অনুমতি দিয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 July 2019 8:37 AM GMT

বৃহস্পতি বাৰে, চি বি আই বিশেষে আদালতে প্ৰাক্তন INX মেডিয়াৰ পৰিচালিকা ইন্দ্ৰানী মুখাৰ্জীক INX মেডিয়াৰ গোচৰত ৰাজসাক্ষী হবলৈ অনুমতি প্ৰদান কৰে। এই মেডিয়াৰ গোচৰত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম আৰু তেওঁৰ পুত্ৰ আৰু সাংসদ কাৰ্টি চিদাম্বৰম জৰিত হৈ আছে।

চি বি আইৰ বিচাৰক অৰুন ভৰদ্বাজে ইন্দ্ৰানী মুখাৰ্জীৰ ৰাজসাক্ষী হবলৈ বিচৰা আবেদন গ্ৰহণ কৰি অনুমতি প্ৰদান কৰে। কোৰ্টে লগতে ইন্দ্ৰানী মুখাৰ্জীৰ ক্ষমাৰ আবেদনো অনুমতি প্ৰদান কৰে।

এই গোচৰৰ পৰবৰ্তী শুনানি ১১ জুলাইত গ্ৰহণ কৰা হব। ১১ জুলাইত ইন্দ্ৰানী মুখাৰ্জীক সুশৰীৰৰে কোৰ্টত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে । এই গোচৰত পি চিদাম্বৰম আৰু পুত্ৰ কাৰ্টি চিদাম্বৰমো এই গোচৰৰ মুখামুখি হৈছে ।

যোৱা বছৰ, ইন্দ্ৰানী মুখাৰ্জীয়ে স্বীকাৰউক্তি বিবৃতি দিয়াৰ পিছত, এই গোচৰৰ ৰাজসাক্ষী হবলৈ অনুমতিৰ বাবে আবেদন কৰিছিল । ইন্দ্ৰানী মুখাৰ্জী বৰ্তমান মুম্বাইৰ বাইকুলা কাৰাগাৰ বন্দী হৈ আছে । নিজৰ জীয়েক শ্বীনা বৰাৰ হত্যাৰ অভিযুক্ত হৈ কয়দীৰ জীৱন অতিবাহিত কৰিব লগা হৈছে ।

চি বি আইয়ে ২০০৭ চনত এফ আই পি বি ( foreign investment promotion board) য়ে INX মেডিয়াক ৩০৫ কোটি টকা মুকলি কৰি দিয়াৰ পিছত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল । সেই সময়ৰ বিত্ত মন্ত্ৰী আছিল পি চিদাম্বৰম । এনফৰ্চমেন্ট ডিৰেক্টৰেটে ধনৰ অপব্যৱহাৰৰ গোচৰ ৰুজু কৰিছিল ।

এই গোচৰত পি চিদাম্বৰমে অন্তবৰ্তী সুৰক্ষাৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰেহাই লাভ কৰে। আনহাতে পুত্ৰয়ে জামিনত মুকলি হৈ আহে।

অধিক খবৰৰ বাবে পঢ়ক :চিবিআইৰ বিশেষ আদালতত উপস্থিত ৩০/১০ ৰ অভিযুক্ত ৰঞ্জন দৈমাৰী

Next Story
চাকৰি