Begin typing your search above and press return to search.

মাতৃ দিৱসৰ দিনাই লৌহ মানৱী ইৰম শ্বৰ্মিলাই জন্ম দিয়ে দুটি সন্তানক

মাতৃ দিৱসৰ দিনাই লৌহ মানৱী ইৰম শ্বৰ্মিলাই জন্ম দিয়ে দুটি সন্তানক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 May 2019 12:16 PM GMT

মাতৃ দিৱসৰ দিনাই লৌহ মানৱী ইৰম শ্বৰ্মিলায়ে মালেশ্বৰামৰ ব্যক্তিগত চিকিৎসালয়ত দুটি কন্যা শিশুক জন্ম দিয়ে । সন্তান দুটি C-section ত জন্ম হয়। ৩৫ সপ্তাহৰ অন্তঃসত্বাৰ পিছত ১ মিনিটৰ ব্যবধানত জন্ম দিয়ে সন্তান দুটিক ।

লৌহ মানৱী ইৰম শ্বৰ্মিলা আৰু তেওঁৰ বৃটিছ স্বামী দেছমন্ড কোটিনহ'য়ে তেওলোকে কন্যা শিশু দুটিৰ নাম দিয়ে নিক্স শ্বাখি আৰু অটোমন তাৰা । দুয়োটা শিশুয়ে স্বাস্থ্যকৰ বুলি চিকিৎকে প্ৰকাশ কৰিছে । মাতৃ দিৱসৰ দিনাই জন্ম দিয়াটো দ্বৈৱ-সংযোগ ঘটনা বুলি চিকিৎকে প্ৰকাশ কৰে।

২০০০ চনৰ পৰা মনিপুৰত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন খন প্ৰত্যাহাৰৰ দাবীত ইৰম শ্বৰ্মিলায়ে সুদীৰ্ঘ ১৬ বছৰ অনশন কৰিছিল । ২০১৬ চনত অনশন ভংগ কৰে ইৰম শ্বৰ্মিলায়ে ।

চিকিৎসকে প্ৰকাশ কৰা মতে জন্মৰ সময়ত সন্তান দুটিৰ ওজন ২.১৬ আৰু ২.১৫ কেজি । ইৰম শ্বৰ্মিলায়ে সুখী বুলি প্ৰকাশ কৰি কয় যে নতুন জীৱন আৰু এক নতুন আৰম্ভণি হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি