Begin typing your search above and press return to search.

ইৰফান খানৰ আহিবলগীয়া ছবি 'অংগ্ৰেজী মিডিয়াম' ৰ ট্ৰেইলৰ মুক্তি

ইৰফান খানৰ আহিবলগীয়া ছবি অংগ্ৰেজী মিডিয়াম ৰ  ট্ৰেইলৰ মুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Feb 2020 10:24 AM GMT

ইৰফান খানৰ আহিবলগীয়া ছবি 'অংগ্ৰেজী মিডিয়াম' ৰ ট্ৰেইলৰ মুক্তি। বলিউডৰ অভিনেতা ইৰফান খানক বহু সময়ৰ পিছত দেখিবলৈ পোৱা যাব এখন নতুন ছবি । আহিবলগীয়া ইৰফান খানৰ এই ছবি খনৰ নাম হ'ল 'অংগ্ৰেজী মিডিয়াম' । অভিনেতা ইৰফান খান‌ তেওঁৰ অসুস্থতাৰ বাবে ছবি জগতৰ পৰা কিছুদিনৰ বাবে দূৰত আছিল । বিৰতিৰ পিছত ইৰফান খানৰ ছবি ''অংগ্ৰেজী মিডিয়াম'' ৰ ট্ৰেইলৰ মুক্তি লাভ কৰিলে ।

https://youtu.be/rzlfeocUVhI

ছবি খনৰ ট্ৰেইলৰত এজন পিতৃৰ কাহিনী দেখুওৱা হৈছে । ছবি খনৰ ট্ৰেইলৰত দেখুওৱা অনুসৰি এজন পিতৃয়ে তেওঁৰ ছোৱালীক লণ্ডনত পঢ়াবৰ বাবে যথেষ্ট কষ্ট কৰে । এই ছবি খনৰ ট্ৰেইলৰ চাই কব পাৰি যে কেন্সাৰৰ দৰে মাৰত্মক বেমাৰেও এজন অভিনেতাক দুৰ্বল কৰিব নোৱাৰে।

অংগ্ৰেজী‌ মিডিয়ামৰ নিৰ্দেশনা কৰিছে হোমী আডজানিয়াই । এই অংগ্ৰেজী মিডিয়াম ছবি খন হৈছে হিন্দী মিডিয়ামৰ ছিকুৱেল। হিন্দী মিডিয়াম ২০১৭ বৰ্ষৰ এখন উল্লেখযোগ্য ছবি আছিল । হিন্দী মিডিয়াম ছবি খনত চান্দনী চ'কৰ দম্পতীৰ জীয়তী উচ্চ শিক্ষা দিয়াৰ প্ৰক্ৰিয়া তথা তেওঁ লোকৰ জীৱনৰ উত্থান পতনৰ দিশ সমূহ সামৰি লৈছিল।

অংগ্ৰেজী মিডিয়াম ছবি খনৰ প্ৰযোজনা কৰিছে দিনেশ বিজানে ।‌ অংগ্ৰেজী মিডিয়ামৰ সংগীত পৰিচালনা কৰিছে গুৰু ৰানধৱা, শচীন জিগৰ, টানচিক বাগছি , শচীত পাৰাম্পৰাই । ছবি খনত অভিনেত্ৰী কৰিণা কাপুৰকো দেখিবলৈ পোৱা যাব । ছবি খনত ৰাধিকা মদানে ইৰফান খানৰ ছোৱালীৰ চৰিত্ৰত অভিনয় প্ৰদৰ্শন কৰিছে । অংগ্ৰেজী মিডিয়ামত অভিনয় প্ৰদৰ্শন কৰিব লগীয়া আন অভিনেতা অভিনেত্ৰী সমূহ হ'ল ৰাধিকা মাদন, পংকজ ত্ৰিপাঠী, দীপক দোবৰিয়েল, ৰণবীৰ ছোৰেই ,দিম্পল কাপাদিয়া, পূৰ্বী জৈন, মানু ৰিশি, মেঘনা মালিক , জাকিৰ হুছেইন, আন বহুতো।

'অংগ্ৰেজী মিডিয়াম' ছবি খন মুক্তি‌ লাভ কৰিব ২০২০ চনৰ ২০ মাৰ্চ তাৰিখে।

অভিনেতা ইৰফান খান‌ বিগত দুই বছৰৰ পৰা তেওঁৰ কেন্সাৰৰ চিকিৎসা কৰাই আছিল । ইয়াৰ মাজতে তেওঁৰ নতুন ছবিৰ ট্ৰেইলৰ মুক্তিয়ে অনুৰাগী সকলৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে।

অভিনেতা ইৰফান খানে বিভিন্ন ছবিৰ জৰিয়তে জনসাধাৰণৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় । তেওঁ হিন্দী মিডিয়াম, লাইফ অফ পি, পীকু, স্লাম ডগ মিলিয়নিয়াৰ, লাঞ্চ বক্স, ব্লেক মেইল, দা নেমচেক, আদি বিভিন্ন জনপ্ৰিয় ছবিত অভিনয় প্ৰদৰ্শন কৰিছে।

ইৰফান খান তেওঁৰ অভিনয়ৰ বাবে দৰ্শকৰ মাজত এক উচ্চ স্থানত আছে। তেওঁৰ আহিবলগীয়া ছবি অংগ্ৰেজী মিডিয়ামে কিমান জনপ্ৰিয়তা লাভ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষনীয়।

অন্য খবৰৰ বাবে পঢ়ক : ‘সত্যমেৱ জয়তে ২’ ত তিনিটা চৰিত্ৰত দেখা যাব জনপ্ৰিয় অভিনেতা জন আব্ৰাহমক

ভিডিঅ প্ৰতক্ষ্য কৰক : International Day of Women and Girls in Science observed at Assam Startup the Nest in Guwahati

Next Story
চাকৰি