Begin typing your search above and press return to search.

গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পাতালৰ মানসিক ৰোগীৰ বিভাগটো সুৰক্ষিত নে?

গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পাতালৰ মানসিক ৰোগীৰ বিভাগটো সুৰক্ষিত নে?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 July 2019 7:13 AM GMT

গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পাতালৰ ৰোগী সকলৰ ক্ষেত্ৰত সততে এটা প্ৰশ্নৰ অৱতাৰণা হয় যে ইয়াৰ ৰোগীসকলৰ ৱাৰ্ডসমূহ সকলো ফালৰ পৰা উত্তম নে? মানসিক ভাৱে সুস্থ কিন্তু শাৰিৰীক ভাৱে দুৰ্বল আৰু শাৰিৰীকভাৱে সুস্থ কিন্তু মানসিকভাৱে অসুস্থ লোকসকলক একেলগে ৰাখিব পাৰিনে? কাৰণ গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলত মানসিক চিকিৎসা বিভাগত আঠখন বিছনা আছে । ইয়াত প্ৰতিদিনে ১০০-১৫০ জনলৈকে ৰোগী আহে।

মানসিক ৰোগীসকলৰ উপৰিও ইয়াত প্ৰতিদিনে সুৰা,ড্ৰাগচ বা তেনেধৰণৰ মাদক দ্ৰব্যৰ প্ৰতি আকৰ্ষিত লোকসকলেও চিকিৎসাৰ কাৰণে এই বিভাগটোলৈ চিকিৎসাৰ কাৰণে আহে। ইফালে চিকিৎসালয়খনত ৰোগীৰ পৰিৱৰ্তে কৰ্মীসকলৰ সংখ্যা অতি সীমিত। চিকিৎসক আৰু নাৰ্চসকলৰ সংখ্যা সীমিত হোৱাৰ কাৰণে ৰোগীসকলৰ চিকিৎসাত প্ৰভাৱ পৰে৷

ইয়াৰ বিপৰীতে ৰোগীসকলেও চিকিৎসকসকলৰ কাৰণে দীৰ্ঘসময় ধৰি অপেক্ষা কৰিব লাগে ৷ যাৰ কাৰণে বিভিন্ন সমস্যাৰ সৃষ্টি হয় ৰোগী সসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ মাজত। অন্যহাতে,চিকিৎসা সেৱাৰ লগত জৰিত লোকসকলৰ ৰোগীক সুস্থ কৰাৰ ক্ষেত্ৰত অসহযোগ এটি প্ৰধান সমস্যা ৷উজনি অসমৰ পৰা অহা গুণকান্ত বৰুৱা নামৰ এজন লোকে মন্তব্য কৰে যে মই মোৰ পৰিয়ালৰ এজন লোকক উত্তম চিকিৎসাৰ কাৰণে ইয়ালৈ আনিছিলো ৷ কিন্তু ইয়াত মই একোৱাই ভাল পোৱা নাই ৷

লগতে চিকিৎসালয়খনত নিয়োজিত একাংশ কৰ্মচাৰীৰ ব্যৱহাৰত ক্ষোভিত হৈ পৰে গুণকান্ত বৰুৱা ৷ এই সন্দৰ্ভত কয় যে ইয়াত নিয়োজিত কিছুসংখ্যক লোকে আমাক মানুহ বুলি নাভাবেই ৷সাধাৰণতে মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ লোকসকলে চিকিৎসাৰ কাৰণে চৰকাৰী চিকিৎসালয়লৈ আহে ৷ কিন্তু আমি মধ্যবিত্ত হ’লেও শিক্ষিত ।আমি জানো যে অন্য লোকৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে ৷গতিকে ৰোগী আৰু চিকিৎসাৰ লগত জৰিত কৰ্মীসকলৰ মাজত অলপো বন্ধুত্ব পূৰ্ণ সম্পৰ্ক নাই ৷

অন্যহাতে এজন ৰোগীয়ে কয় যে চিকিৎসালয়খনত বিছনাৰ সংখ্যা অত্যন্ত সীমিত ৷যেতিয়া মানসিক ৰোগীৰ সংখ্যা অধিক হয় তেতিয়া তেওঁলোকৰ চিকিৎসাৰ আৱশ্যক হয় ৷ তেতিয়া তেওঁলোকক সাধাৰণ ৱাৰ্ডত স্থানান্তৰিত কৰা হয় ৷ নাম প্ৰকাশত অনিশ্চুক এজন চিকিৎসকে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে এনে ধৰণৰ সমস্যাসমূহে প্ৰত্যেক বিভাগকে প্ৰভাৱিত কৰে ৷ অন্যহাতে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কোনো মন্তব্য দিব বিছৰা নাই কোনো বিভাগীয় বিষয়াই। উল্লেখ্য ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰোগীসকলৰ এই অসুবিধাসমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা ল’ব সেয়া হ’ব লক্ষ্যনীয়।

অধিক খবৰৰ বাবে পঢ়ক: নতুন বছৰৰ আৰম্ভণিতে আধাৰশিলা স্থাপন হব তিনিখন নতুন মেডিকেল কলেজৰ

Next Story
চাকৰি